চাৰিটা স্থান পিছুৱাই ক্ষুধাৰ্ত দেশৰ তালিকাত ১১১ নম্বৰত ভাৰত

গ্লোবেল হাংগাৰ ইণ্ডেক্স ২০২৩-ত আৰু অধিক তললৈ নামিল ভাৰত। বৃহস্পতিবাৰে প্ৰকাশিত গ্লোবেল হাংগাৰ ইণ্ডেক্সৰ নতুন তালিকাত ১২৫খন দেশৰ ভিতৰত ১১১ নম্বৰ স্থান লাভ কৰিছে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ ভাৰতে।

২০২২ চনৰ সমীক্ষাত ১২১খন দেশৰ ভিতৰত ১০৭ নম্বৰ স্থানত আছিল ভাৰত। কিন্তু এইবাৰ চাৰিটাকৈ স্থানৰ অৱনতি ঘটিল।

উল্লেখ্য যে, ২০১৫ চনৰ পৰাই এই তালিকাত অৱনমিত হৈ আছে ভাৰতৰ স্থান। কিন্তু চুবুৰীয়া দেশ বাংলাদেশ, পাকিস্তান, নেপাল আনকি শ্ৰীলংকাও ভাৰততকৈ সুবিধাজনক স্থানত আছে।

অৱশ্যে যোৱাবাৰৰ দৰে এই তালিকা প্ৰকাশ পোৱাৰ লগে লগে মোদী চৰকাৰে এই প্ৰতিবেদনক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

বিজেপিয়ে ত্ৰুটিপূৰ্ণ গণনা বুলি অভিহিত কৰি ইয়ে ‘ভাৰতৰ ভাবমূর্তি বিনষ্ট কৰাৰ ষড়যন্ত্র’ বুলি দাবী কৰিছে।

গ্লোবেল হাংগাৰ ইণ্ডেক্স বিশ্বব্যাপী, আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ভোকৰ ব্যাপক জোখ আৰু অনুসৰণ কৰাৰ এক সঁজুলি। ভাৰতৰ স্ক’ৰ হৈছে ২৮.৭। চুবুৰীয়া দেশ পাকিস্তান (১০২ নং), বাংলাদেশ (৮১ নং), নেপাল (৬৯ নং) আৰু শ্ৰীলংকা (৬০ নং)ৰ স্থান ভাৰততকৈ ভাল।

এই সূচকাংকত কেৱল আফগানিস্তান, হাইটিৰ লগতে চাহাৰাৰ দক্ষিণ আফ্ৰিকা আৰু দক্ষিণ এছিয়াক বিশ্বৰ সৰ্বাধিক ভোকৰ স্তৰৰ অঞ্চল হিচাপে স্থান দিয়া হৈছে।

গ্লোবেল হাংগাৰ ইণ্ডেক্স ২০২৩ত ভাৰতত ‘চাইল্ড ৱেষ্টিঙ’ৰ হাৰ সৰ্বাধিক ১৮.৭ শতাংশ, যিয়ে দেশৰ অত্যধিক পুষ্টিহীনতাৰ দিশ আঙুলিয়াই দিয়ে। ‘চাইল্ড ৱেষ্টিঙ’ৰ অৰ্থ হৈছে শিশুৰ উচ্চতাৰ তুলনাত ক্ষীণ আৰু কম ওজনৰ হোৱা। 

প্ৰতিবেদনত উল্লেখ আছে যে ভাৰতৰ অপুষ্টিৰ হাৰ ১৬.৬ শতাংশ আৰু পাঁচ বছৰৰ তলৰ মৃত্যুৰ হাৰ ৩.১ শতাংশ। আনহাতে এই ৰিপ’ৰ্ট অনুসৰি ভাৰতত ১৫ৰ পৰা ২৪ বছৰৰ ভিতৰৰ মহিলাৰ ৰক্তহীনতা ৫৮.১ শতাংশ।

প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে কয় যে, গ্লোবেল হাংগাৰ ইণ্ডেক্সত ভুলকৈ ভোকৰ মূল্যায়ন কৰা হৈছে। ইয়াৰ চাৰিটা সূচকৰ ভিতৰত তিনিটা শিশুৰ স্বাস্থ্যৰ সৈতে সম্পৰ্কিত আৰু সেয়ে এই ৰিপৰ্টে দেশৰ সমগ্ৰ জনসংখ্যাক প্ৰতিনিধিত্ব নকৰিবও পাৰে।

চতুৰ্থ আটাইতকৈ গুৰুত্বপূৰ্ণ সূচকটো হ’ল জনসংখ্যাত অপুষ্টিগ্ৰস্ত লোকৰ অনুপাত মাত্ৰ ৩,০০০ নমুনাৰ ওপৰত আধাৰিত কৰা জনমত সমীক্ষাৰ ওপৰতহে আধাৰিত। গতিকে এই সমীক্ষাই সমগ্ৰ দেশৰ কথা সাঙুৰি ক’ব নোৱাৰে অৰ্থাৎ গ্লোবেল হাংগাৰ ইণ্ডেক্সৰ এই তথ্যক ভুল বুলি কৈ কেন্দ্ৰীয় চৰকাৰে ইয়াক খাৰিজ কৰিছে।

Comments (0)
Add Comment