বিহাৰৰ কাটিহাৰ জিলাৰ ফলকা থানা এলেকাত ডাইনীৰ সন্দেহত এগৰাকী বৃদ্ধাক ডিঙি ৰেপি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।
আৰক্ষীয়ে জনোৱা মতে, ভৰছিয়া পঞ্চায়তৰ ৰাজধানী মহম্মদ নগৰৰ ১২ নং ৱাৰ্ডৰ মহাদলিত টোলা গাঁৱত শুই থকা অৱস্থাত উদ্ধাৰ হয় বুগিয়া দেৱী (৬৩) নামৰ মহিলাগৰাকী।
ৰাতিপুৱা ঘৰৰ পৰিয়ালৰ আন সদস্যসকলে শুই উঠাৰ পিছত বিচনাত ৰক্তাক্ত অৱস্থাত পৰি থকা মৃতদেহটো প্ৰত্যক্ষ কৰে।
মৃতদেহটোত স্পষ্ট ৰূপত আছিল চোকা অস্ত্ৰৰ আঘাত।
মৃত মহিলাগৰাকীৰ বোৱাৰীয়ে চুবুৰীয়া এজন লোকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছে।
তেওঁ অভিযোগ কৰিছে যে তেওঁৰ পিতৃৰ মৃত্যুৰ পিছত সদায় মোৰ শাহু বুগিয়া দেৱীক ডাইনী বুলি কৈ হাৰাশাস্তি কৰি আহিছিল আৰু হত্যাৰ ভাবুকি দিছিল।
শনিবাৰে ফলকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুন্না কুমাৰ পেটেলে জনোৱা মতে, ঘটনাৰ কথা জানিব পৰাৰ পিছত আৰক্ষীৰ এটা দল ঘটনাস্থলত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
ঘটনা সন্দৰ্ভত এজাহাৰ ৰুজু কৰি গোচৰৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।