ভাৰত-পাকিস্তানৰ খেলৰ পূৰ্বে , ৰবি শাস্ত্ৰীয়ে পাকিস্তানৰ কোনজন খেলুৱৈক ভাৰতৰ বাবে ডাঙৰ ভাবুকি বুলি ক’লে ? ISHAN NEWS…

এদিনীয়া ক্ৰিকেট বিশ্বকাপত ভাৰত আৰু পাকিস্তান এতিয়ালৈকে ৭ বাৰ মুখামুখি হৈছে। এদিনীয়া ক্রিকেট বিশ্বকাপৰ প্রতিখন খেলতে পাকিস্তানৰ বিৰুদ্ধে জয়ী হৈছে ভাৰত । আজি বিশ্বকাপৰ এখন খেলত মুখামুখি হৈছে ভাৰত আৰু পাকিস্তান মুখামুখি ।


আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনৰ পূৰ্বে ভাৰতীয় দলৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে পাকিস্তানৰ বলাৰ শ্বাহিন আফ্ৰিদীক ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি বুলি অভিহিত কৰিছে। আইচিচিৰ সৈতে বাৰ্তালাপ কৰি শাস্ত্ৰীয়ে কয়, ভাৰতীয় বেটছমেনসকলৰ সন্মুখত শ্বাহিন আফ্ৰিদিৰ প্ৰদৰ্শন চমৎকাৰ আছিল।এতিয়ালৈকে অনুষ্ঠিত বিশ্বকাপৰ ২ খন খেলত ২ টা উইকেট দখল কৰিছে শ্বাহিন আফ্ৰিদীয়ে ।


আইচিচিৰ সৈতে কথা পাতি ৰবি শাস্ত্ৰীয়ে লগতে কয়, “মই ভাবো শ্বাহিন আফ্ৰিদি ভাৰতীয় বেটছমেনসকলৰ বাবে আটাইতকৈ কঠিন প্ৰত্যাহ্বান হ’ব। ভাৰতীয় দলৰ বাবে শ্বাহিন হ’ব আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান । ইফালে ৰবি শাস্ত্ৰীয়ে ভাৰতীয় বলাৰ যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজক প্ৰশংসা কৰি কয় যে, এই দুজন খেলুৱৈ দলটোৰ বাবে ট্ৰাম্প কাৰ্ড হিচাপে প্ৰমাণিত হ’ব পাৰে।


শাস্ত্ৰীয়ে কয় যে,”মই ভাবো বুমৰাহ আৰু চিৰাজ দলটোৰ বাবে এক্স-ফেক্টৰ। যদি বুমৰাহে ভাল প্ৰদৰ্শন কৰে, খেলখন অতি ৰোমাঞ্চকৰ হ’ব। আৰু চিৰাজ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বলাৰ।
ভাৰতীয় দলটোৱে আজিও নিশ্চিতভাৱে পূৰ্বৰ অভিলেখ বজাই ৰাখিবলৈ যত্ন কৰিব

Comments (0)
Add Comment