ইজৰাইলৰ সফলতা; বিমান আক্ৰমণত হামাছৰ শীৰ্ষ নেতাৰ মৃত্যু

মধ্যপ্ৰাচ্যত নতুনকৈ উত্তেজনাৰ সৃষ্টি কৰি ইজৰাইল আৰু পেলেষ্টাইনী সশস্ত্ৰ সংগঠন হামাছৰ মাজত চলি আছে যুদ্ধ। আজি এই যুদ্ধৰ সপ্তম দিন।

যুদ্ধৰ মাজতে গাজা চহৰত ইছলামিক গোটটোৰ বিমান আক্ৰমণৰ নেতৃত্ব দিয়া হামাছৰ এজন শীৰ্ষ নেতা ইজৰাইলৰ বিমান আক্ৰমণত নিহত হোৱাৰ খবৰ আহিছে। শনিবাৰে সেনাই এই তথ্য প্ৰদান কৰিছে।

অৱশ্যে এই কথা এতিয়াও হামাছে নিশ্চিত কৰা নাই।

সেনাই জনোৱা মতে, শেহতীয়াকৈ ইজৰাইলৰ যুদ্ধ বিমানে হামাছৰ এটা অপাৰেচন চেণ্টাৰত আক্ৰমণ চলাইছিল, য’ত মুৰাদ আবু মুৰাদ নিহত হৈছিল। তথ্য অনুসৰি হামাছ গোটে এই চেণ্টাৰৰ পৰাই আকাশী অভিযান চলাই আহিছিল।

ইজৰাইল-হামাছ যুদ্ধত এতিয়ালৈকে ১৩০০ ইজৰাইলীৰ মৃত্যু ঘটিছে আৰু ৩ হাজাৰ লোক আহত হৈছে। ইজৰাইলৰ বিষয়াসকলে কয় যে হামাছৰ সন্ত্ৰাসবাদীয়ে গাজাত কমেও ১২০ জন ইজৰাইলী নাগৰিকক পণবন্দী কৰি ৰাখিছে।

ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে বিগত ২৪ ঘণ্টাত গাজাৰ কেইবাটাও স্থানত অভিযান চলাই হামাছৰ ঘাটি উৎখাত কৰি অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে নিৰুদ্দেশ হোৱা লোকৰ সন্ধানো চলাই আছে।

ইজৰাইল-হামাছৰ যুদ্ধত এতিয়ালৈকে মৃত্যু হৈছে ১৯০০ পেলেষ্টাইনী

ইফালে ইজৰাইলৰ প্ৰত্যাক্ৰমণত প্ৰায় ১৯০০ পেলেষ্টাইনী নিহত হৈছে, য’ত সাধাৰণ নাগৰিক আৰু ৬০০ৰো অধিক শিশু আছে।

হামাছে জনোৱা মতে, ১৫০ জন পণবন্দী লোকৰ ভিতৰত ১৩ জন ইজৰাইলৰ বিমান আক্ৰমণত নিহত হৈছে।

Comments (0)
Add Comment