স্বাধীনতাৰ ৭৬ বছৰৰ পাছত প্ৰথমখন চিকিৎসা মহাবিদ্যালয় লাভ কৰিলে নাগালেণ্ডে

আজি নাগালেণ্ডে লাভ কৰিলে প্ৰথমখন চিকিৎসা মহাবিদ্যালয়। শনিবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ সৈতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই কোহিমাৰ ফ্ৰীবাগীত নাগালেণ্ডৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় নাগালেণ্ড ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স এণ্ড ৰিচাৰ্চ (এন আই এম এছ আৰ) আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

উল্লেখ্য যে, অসমৰ পিছত উত্তৰ-পূবৰ দ্বিতীয়খন পুৰণি ৰাজ্য হোৱাৰ পিছতো স্বাধীনতাৰ পিছৰে পৰা এতিয়ালৈকে নাগালেণ্ড একমাত্ৰ ৰাজ্য হৈয়েই আছিল য’ত কোনো চিকিৎসা মহাবিদ্যালয় নাছিল।

মনসুখ মাণ্ডৱিয়াই সুখ প্ৰকাশ কৰি কয় যে অৱশেষত নাগালেণ্ডত নিজাকৈ চিকিৎসা মহাবিদ্যালয় লাভ কৰিলে। তেওঁ কয়, ‘কেৱল চিকিৎসা শিক্ষাৰ উদ্দেশ্যে নহয়, অঞ্চলটোৰ স্বাস্থ্যজনিত সমস্যাসমূহৰ সমাধানৰ বাবেও সহায়ক হ’ব।‘

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰ নাগালেণ্ডৰ স্বাস্থ্য খণ্ডৰ সামগ্ৰিক উন্নয়নৰ বাবে দায়বদ্ধ। যোৱা ৯ বছৰত দেশত চিকিৎসাৰ আসন প্ৰায় দুগুণ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি মাণ্ডভিয়াই কয়, ‘এতিয়া আমাৰ যুৱক-যুৱতীসকলক চিকিৎসা শিক্ষা প্ৰদান কৰা সমগ্ৰ দেশৰ অন্যতম আগশাৰীৰ প্ৰতিষ্ঠান হৈছে এন আই এম এছ আৰ।‘

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে আৰু আশা প্ৰকাশ কৰে যে এন আই এছ এম আৰ এনে এক কেন্দ্ৰলৈ গঢ় লৈ উঠিব যিয়ে কেৱল অঞ্চলটোৰ বা দেশৰ জনসাধাৰণকে নহয়, ভাৰতত স্বাস্থ্যসেৱা বিচৰা আন দেশৰ লোকসকলকো সেৱা আগবঢ়াব।

আনহাতে মুখ্যমন্ত্ৰী ৰিঅ’ই এন আই এছ এম আৰৰ উদ্বোধনী অনুষ্ঠানক ঐতিহাসিক আৰু ৰাজ্যবাসীৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান বুলি মন্তব্য কৰে।

তেওঁ লগতে কয় কয় যে, নতুন চিকিৎসা মহাবিদ্যালয় আৰম্ভ হ’লে গুণগত স্বাস্থ্যসেৱা নিশ্চিত হ’ব আৰু মহাবিদ্যালয়খন উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে বিকশিত হ’ব।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে এন আই এছ এম আৰৰ উদ্বোধনী অনুষ্ঠানত ১০০ গৰাকী এমবিবিএছৰ প্ৰথমটো বেটচক অন্তৰ্ভুক্ত কৰিবলৈ অনুমোদন জনাইছে। ইয়াৰে ১০০ খনৰ ভিতৰত ৮৫ খন আসন নাগালেণ্ডৰ আৰু বাকী ১৫ খন আসন দেশৰ আন প্ৰান্তৰ বাবে আবণ্টন দিয়া হৈছে।

Comments (0)
Add Comment