আপুনি টুইটাৰৰ পোষ্টত ‘লাইক বুটাম’ টিপিব বিচাৰে নেকি? নে এক্সৰ পৃষ্ঠাত পুনৰ পোষ্ট কৰিব বিচাৰে? ‘লাইক’, ‘ৰিপোষ্ট’ বা আনকি ‘উত্তৰ’ দিব বিচাৰিলেও, আপোনাৰ পকেটৰ পৰা ওলাই যাব টকা।

পূৰ্বৰ টুইটাৰ তথা বৰ্তমানৰ এক্সে নতুন ‘চাবস্ক্ৰিপশ্বন মডেল’ প্ৰৱৰ্তন কৰিবলৈ সাজু হৈ উঠিছে । মঙলবাৰে, এক্সে “নট এ বট” নামৰ নতুন “চাবস্ক্ৰিপশ্বন মডেল” মুকলি কৰিছে। এই নতুন মডেলত ‘লাইক, উত্তৰ’ আৰু ‘ৰিপোষ্ট’ ‘বুকমাৰ্ক’ৰ বাবে ধন খৰচ কৰিব লাগিব ব্যৱহাৰকাৰীয়ে ।

যিসকল ব্যক্তিয়ে ইতিমধ্যে এক্স ব্যৱহাৰ কৰি আছে তেওঁলোকৰ বাবে কোনোধৰণৰ সমস্যা সৃষ্টি নহয়। অৱশ্যে, আপুনি যদি চাবস্ক্ৰিপশ্বন’ অবিহনে একাউণ্ট খুলিব বিচাৰে,তেতিয়া কিছুমান প্ৰতিবন্ধকতাৰ মুখামুখি হ’ব লাগিব আপুনি ।


এক্স-ৰ পৃষ্ঠাত পোষ্ট পঢ়াৰ উপৰিও, ভিডিঅ’ চাবলৈ হ’লে আপুনি আন এক্স ব্যৱহাৰকাৰীৰ একাউণ্ট ‘অনুসৰণ’ কৰিব পাৰে। ইয়াৰ বাহিৰে, যদি আপুনি আন ব্যৱহাৰ কৰিবলৈ বিচাৰে, তেতিয়া আপুনি ‘চাবস্ক্ৰিপশ্বন’ ল’ব লাগিব। এক্স-ৰ মতে, নতুন ‘চাবস্ক্ৰিপশ্বন’ৰ মূল্য প্ৰতি $1 ভাৰতীয় মুদ্ৰাত ৮৩.২৬ টকা হ’ব। যদি আপুনি এক্সৰ এবাৰ ‘চাবস্ক্ৰিপশ্বন’ লয়, এবছৰৰ বাবে কোনো ধৰণৰ প্ৰতিবন্ধকতা সৃষ্টি নহয় । বিভিন্ন দেশৰ মুদ্ৰাৰ মূল্যৰ ওপৰত আধাৰিত হ’ব ‘চাবস্ক্ৰিপশ্বনৰ মাচুল’ ।

Comments (0)
Add Comment