দুৰ্গা পূজা তথা দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় কৰ্মচাৰীয়ে লাভ কৰিছে এটা ডাঙৰ উপহাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেবিনেটে কেন্দ্ৰীয় কৰ্মচাৰীৰ মৰগীয়া বানচ (ডি এ) ৪ শতাংশ বৃদ্ধিত অনুমোদন জনাইছে। এই চাৰি শতাংশ বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ মৰগীয়া বানচ ৪২ৰ পৰা ৪৬ শতাংশলৈ বৃদ্ধি পাইছে।
পূৰ্বৰে পৰা মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধি পাব বুলি আশা কৰা হৈছিল যদিও এতিয়া মোদী মন্ত্ৰীসভাই এই সিদ্ধান্তত অনুমোদন জনাইছে।
চৰকাৰৰ তৰফৰ পৰা আজি ইয়াৰ আনুষ্ঠানিক ঘোষণা কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তই দেশৰ প্ৰায় ১ লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰক উপকৃত কৰিব।
উল্লেখ্য যে, লেবাৰ ব্যুৰ’ৰ তৰফৰ পৰা প্ৰতিমাহে চিপিআই-আইডব্লিউৰ ওপৰত ভিত্তি কৰি মৰগীয়া বানচৰ হাৰ যুগুতোৱা হয়। লেবাৰ ব্যুৰ’ হৈছে শ্ৰম মন্ত্ৰালয়ৰ এক শাখা।