দুৰ্গা পূজা উদযাপনৰ সময়ত ৰাজ্যত কোনো ধৰণৰ ড্ৰাই ডে’ বা সুৰা বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা নাথাকিব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
পূজাৰ সময়ত ৰাজ্যত ড্ৰাই ডে’ ঘোষণা কৰা হ’ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে সুৰা বিক্ৰীত বাধা আৰোপ কৰিলে চোৰাং মদৰ বিক্ৰী যথেষ্ট পৰিমানে বৃদ্ধি পাব।
সংবাদ মাধ্যমৰ আগত হিমন্ত বিশ্ব শৰ্মাই কয়, ‘মদৰ দোকান বন্ধ কৰিলে চোৰাং মদৰ বিক্ৰী বাঢ়ি যাব। যদি আমি আজিয়েই মদৰ দোকান বন্ধ বুলি ঘোষণা কৰি দিও তেন্তে আজিয়েই দোকানৰ পৰা মদবোৰ লৈ যাব আৰু কৰবাত মজুট কৰি পূজাৰ দিনসমূহত চোৰাংকৈ বিক্ৰী কৰিব। ইয়াৰ পিছত সংবাদ মাধ্যমে চৰকাৰকে দোষাৰোপ কৰিব।’
তেওঁ লগতে কয়, ‘মদৰ বিক্ৰী বন্ধ কৰাটো বাস্তৱত সম্ভৱ নহয়। বহু জনজাতীয় লোকৰ ঘৰত পৰম্পৰাগতভাৱে খোৱাৰ এটা নিয়ম আছে। অসমত ধৰ্মীয় কাৰণতো ইয়াৰ ব্যৱহাৰ হয়। কামাখ্যা মাৰ মন্দিৰতো কেতিয়াবা ব্যৱহাৰ হয়।‘
দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে যদি পূজাৰ যিকোনো এটা দিন ৰাইজে ড্ৰাই ডে’ দিয়াটো বিচাৰে তেন্তে বিষয়টো সন্দৰ্ভত আলাপ আলোচনা কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
অৱশ্যে পূজাৰ কোনটো দিনত ড্ৰাই ডে’ ঘোষণা কৰিব সেই সন্দৰ্ভত স্পষ্টকে মন্তব্য কৰাৰ পৰা বিৰত থাকে মুখ্যমন্ত্ৰী শৰ্মা।