আজি ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত হৈ আছে এদিনীয়া বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ মেচ। পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা মেচখনত বাংলাদেশে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।
ভাৰতৰ হৈ বলিং আক্ৰমণৰ দায়িত্ব বুমৰাহ আৰু ছিৰাজে খুউব সুন্দৰকৈ পালন কৰে যদিও নৱম অভাৰত ভাৰতে লাভ কৰে এক মোক্ষম আঘাত।
খেলখনৰ সময়ত অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আঘাতপ্ৰাপ্ত হয়। এই মুহূৰ্তত চিকিৎসক তথা বিশেষজ্ঞৰ দলে তেওঁক নিৰীক্ষণ কৰি আছে। কিন্তু আঘাত কিমান গুৰুতৰ সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।
উল্লেখ্য যে, বাংলাদেশৰ ইনিংছৰ নৱম অভাৰত হাৰ্দিক পাণ্ডিয়াৰ তিনি নম্বৰ বলটোত লিটন দাসে এটা সুন্দৰ ষ্ট্ৰেইট ড্ৰাইভ খেলে। পাণ্ডিয়াই নিজৰ ভৰিৰে বলটো ৰাখিবলৈ চেষ্টা চলোৱাত বাঁও ভৰিত আঘাত পায়।
প্ৰথমতে সকলোৱে ভাবিছিল যে পাণ্ডিয়াৰ আঘাত গুৰুতৰ নহয়। প্ৰাথমিক চিকিৎসাৰ পিছত তেওঁ বলিং কৰিবলৈও গৈছিল। কিন্তু অৱশেষত আৰু বল কৰিব নোৱাৰিলে। খোজ কাঢ়িবলৈও অসুবিধাৰ সন্মুখীন হৈছিল তেওঁ।
পাণ্ডিয়াৰ আঘাতৰ প্ৰতি লক্ষ্য ৰাখি অধিনায়ক ৰোহিত শৰ্মাই বিৰাট কোহলীৰ সৈতে আলোচনা কৰি তেওঁক খেলপথাৰৰ পৰা যাবলৈ কয়। খেলপথাৰ এৰি যোৱাৰ সময়ত হাৰ্দিক পাণ্ডিয়াক যথেষ্ট নিৰাশ দেখা গৈছিল।
উল্লেখ্য যে, যদি পাণ্ডিয়াৰ আঘাত গুৰুতৰ হয় তেন্তে ভাৰতৰ বাবে ই এক মোক্ষম আঘাত হ’ব। বেটিং-বলিং উভয়তে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই অহা পাণ্ডিয়াৰ অনুপস্থিতিত ভাৰতে বিশ্বকাপ জয় কৰাটো কষ্টকৰ হ’ব পাৰে।