বিহাৰৰ সমস্তীপুৰ জিলাত বুধবাৰে গভীৰ নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দোকান বন্ধ কৰি ঘৰলৈ আহি থকা অৱস্থাত দুই ভাতৃক অচিনাক্ত অস্ত্ৰধাৰীৰ দলে গুলীয়াই হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
ৰোছৰা থানাৰ অন্তৰ্গত ৰোছডা-সিংহিয়া ৮৮ নং ৰাজ্যিক ঘাইপথস্থিত চোৰৱা পোখৰৰ সমীপত এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো সংঘটিত হয়।
সমস্তীপুৰ জিলা আৰক্ষী মুখ্য কাৰ্যালয়ৰ পৰা পোৱা তথ্য অনুসৰি ১৮ অক্টোবৰৰ নিশা প্ৰায় ১০ বজাত গেলামালৰ ব্যৱসায়ী সুমিত চৌধুৰী (৩৬ বছৰ) আৰু তেওঁৰ ভাতৃ অমিত চৌধুৰী (২৮ বছৰ)এ দোকান বন্ধ কৰি বেলেগ বেলেগ মটৰ চাইকেলেৰে ঘৰলৈ উভতি আহি আছিল। এই সময়তে অচিনাক্ত বন্দুকধাৰীয়ে দুয়ো ভাতৃক গুলীয়াই গুৰুতৰভাৱে আহত কৰে।
ৰোছৰা আৰক্ষী থানাৰ আৰক্ষীয়ে আহত দুয়োজনকে আৰক্ষীৰ বাহনত ৰোছৰা মহকুমা চিকিৎসালয়লৈ লৈ যায় আৰু তাতেই চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে।
এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু চিচিটিভিৰ ফুটেজৰো তদন্ত চলি আছে।