বহু অপেক্ষাৰ অন্তত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে মহানগৰীৰ জু ৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতু ।সৰ্বমুঠ ২২৮৩ মিটাৰ দৈৰ্ঘৰ উৰণ সেতু খনৰ নিৰ্মাণ ব্যয় ৩১৬ কোটি ১১ লাখ টকা । উৰণ সেঁতুখনৰ ৰাধা গোবিন্দ বৰুৱা পথৰ দৈৰ্ঘ ১৯৭০ মিটাৰ আৰু মাডাৰ টেৰেছা পথৰ দৈৰ্ঘ ৩১৩ মিটাৰ । আটক ধুনীয়াকৈ নিৰ্মাণ কৰা উৰণ সেতুখনৰ সৰ্বোচ্চ উচ্চতা ৫ দশমিক ৭ মিটাৰ ।
শ্ৰদ্ধাঞ্জলি উৰণ সেতু মুকলি কৰাৰ পাছত যানজঁট হ্ৰাস পাব ৰাধা গোবিন্দ বৰুৱা পথত । তিনিলেন যুক্ত উৰণ সেতুখনৰ মাডাৰ টেৰেছা পথৰ সৈতে সংলগ্ন হোৱা অংশ দুই লেনযুক্ত ।
উল্লেখ্য যে, ২০২২ চনত আৰম্ভ হৈছিল উৰণ সেতু খনৰ নিৰ্মাণ কাৰ্য । নিৰ্ধাৰিত সময়সীমাৰ পূৰ্বে মুকলি কৰা হয় শ্রদ্ধাঞ্জলি উৰণ সেতু । ১৯ মাহৰ ভিতৰত সম্পূৰ্ণ হয় শ্ৰদ্ধাঞ্জলি উৰণ সেতু ।