বৃহস্পতিবাৰে বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত খেলত আঘাত পোৱাৰ পাছত খেলৰ পৰা আঁতৰি থাকিব লগা হয় হাৰ্ডিক পাণ্ডিয়া ।ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড অৰ্থাৎ BCCI শেহতীয়াকৈ জানিবলৈ দিয়া মতে, হাৰ্দিক পাণ্ডিয়াই দেওবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া খেলখনত ভাগ ল’ব নোৱাৰিব।
ইতিমধ্যে হাৰ্দিক পাণ্ডিয়াক চিকিৎসাৰ বাবে বেংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীলৈ লৈ যোৱা হৈছে। বি,চি চি,আইয়ে জানিবলৈ দিয়া মতে, হাৰ্দিকৰ আঘাত খুব গুৰুতৰ নহয়। নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া খেলখনতো হাৰ্ডিকে খেলিব নোৱাৰাৰ সম্ভাৱনা অধিক । কিন্তু ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া খেলখনত হাৰ্ডিক পাণ্ডিয়াই খেলিব পাৰিব বুলি আশা কৰা হৈছে।
বৃহস্পতিবাৰে ফিল্ডিং কৰি থকা অৱস্থাত বাওঁ ভৰিৰ গোৰোহাত আঘাত পাইছিল পাণ্ডিয়াই । হাৰ্ডিক পাণ্ডিয়াৰ স্কেনৰ ৰিপৰ্ট চোৱাৰ পাছত, চিকিৎসকে হাৰ্দিকক চাৰিৰ পৰা পাঁচ দিন বিশ্ৰামত থাকিবলৈ পৰামৰ্শ দিছে। বিচিচিআইয়ে এক বিবৃতিত কয় যে , ” বিশেষজ্ঞ চিকিৎসকৰ দল এটাই হাৰ্ডিকৰ স্বাস্থ্যৰ প্রতি মুহুৰ্তৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে। হাৰ্দিকৰ চিকিৎসাৰ দায়িত্বত আছে এগৰাকী ইংলেণ্ডৰ চিকিৎসক। বাংগালুৰুত, হাৰ্দিকৰ বিষ নিৰাময়ৰ বাবে বেজী দিয়াৰ কথা সদৰী কৰিছে BCCI য়ে । বেজী দিয়াৰ এসপ্তাহ পাছত হাৰ্দিক পাণ্ডিয়া খেল পথাৰলৈ উভতি যাব পাৰিব বুলি আশা কৰিছে চিকিৎসকে ।