গ্ৰেটাৰ নয়ডাৰ যমুনা এক্সপ্ৰেছৱেত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ ৫ জনৰ মৃত্যু হোৱাৰ লগতে আন তিনিজন আহত হয় । যমুনা এক্সপ্ৰেছৱেৰ ২৫ কিলোমিটাৰ মাইলৰ খুঁটিৰ সমীপত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাতো । এখন ইকো গাড়ীয়ে, আন এখন বাহনত খুন্দামৰাৰ ফলতেই দুৰ্ঘটনাতো সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । ইকো গাড়ীখনত থকা আঠজন আৰোহীৰ ভিতৰত পাঁচজনৰ ঘটনাস্থলীতে মৃত্যু হয় । এই দুৰ্ঘটনাত গাড়ীখনত থকা আন তিনিটা শিশু গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় । দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে দুৰ্ঘটনাত মৃত্যু হোৱা পাঁচজন লোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
দুৰ্ঘটনাত মৃত্যু হোৱা ব্যক্তি সকলৰ গাড়ীখন দিল্লীৰ পৰা ঝাৰখণ্ড অভিমুখে গৈ আছিল।
দুৰ্ঘটনাত মৃত্যু হোৱা সকল ক্রমে,উপেন্দ্ৰ বৈঠা, বিজেন্দ্ৰ বৈঠা, কান্তি দেৱী, কুভ আৰু জ্যোতি বুলি চিনাক্ত কৰা হৈছে । আনহাতে এই দুৰ্ঘটনাত শিশু সুৰেশ, সূৰজ আৰু আৰ্যন গুৰুতৰভাৱে আহত হয় ।
শুকুৰবাৰে নিশা সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ কাৰণ কি সেয়া এতিয়াও পোহৰলৈ অহা নাই । দুৰ্ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।