আজি গগণযান অভিযানৰ প্রথম পৰ্যায়ৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰি ইতিহাস ৰচিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে ।
আজি পুৱা ১০ বজাত গগণযান অভিযানৰ প্রথম পৰ্যায়ৰ অভিযান সফলতাৰে সম্পন্ন হয় । শ্রীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা সফলভাবে উৎক্ষেপণ কৰা হয় গগনযানৰ টেষ্ট ফ্লাইট। উৎক্ষেপণৰ পূৰ্বে কি হৈছিল গগনযানত ।
ঘড়ীয়ে সংকেত দিছিল পুৱা ৮ বজাৰ । কিন্তু…
গগনযানৰ পৰীক্ষামূলক উৎক্ষেপণৰ পূৰ্বনিৰ্ধাৰিত সময় আছিল আজি অৰ্থাৎ শনিবাৰৰ পুৱা ৮ বজাত । প্রতিকুল বতৰৰ বাবে সলনি কৰা হয় উৎক্ষেপণৰ সময় । ৮ বজাৰ পৰিৱৰ্তে পুৱা ৮ : ৩০ বজালৈ পিছুৱাই দিয়া হয় উৎক্ষেপণৰ সময়।
পুৱা ৮ :৩০ মিনিটত কি হ’লঃ
বতৰ ফৰকাল নোহোৱাৰ বাবে পুনৰ ১৫ মিনিট পিছুৱাই দিলে উৎক্ষেপণৰ সময় । ইছৰোে গগণযানৰ পৰীক্ষামুলক উৎক্ষেপণৰ নতুন সময় নিৰ্দ্ধাৰণ কৰিলে পুৱা ৮ঃ৪৫ বজাত ।
পুৱা ৮ঃ৪৫ বজাত ..
টেলিভিছনৰ স্ক্রীণত জিলিকি উঠিল ৮ঃ৪৫ । সাজু ইছৰোৰ বিজ্ঞানী । আৰম্ভ হ’ল কাউণ্ট-ডাউন । ১০, ৯ , ৮,৭,৬,৫ । কাউণ্ট-ডাউন ৫ কোৱাৰ সময়তে সংকেত আহিল হ’ল্ডৰ । ৰৈ গ’ল কাউণ্ট-ডাউন । কোনেও বুজিব নোৱাৰিলে কি হ‘ল ? ইছৰোৰ মুৰব্বী এছ, সোমনাথে সদৰী কৰিলে কাৰিকৰী বিজুতিৰ কথা ।
প্রায় ৯ঃ৩৫ বজাত কি হ’ল
পুৱা ৯ঃ৩৫ বজাত ইছৰোৱে সদৰী কৰিলে, গগণযানত দেখা দিয়া বিজুতি আতৰোৱা হৈছে । পুৱা ১০ বজাত উৎক্ষেপণ কৰা হ’ব গগণযান ।
১০ বজাত ইতিহাস ৰচিলে ইছৰোৱে :
ঘড়ীত তেতিয়া পুৱা ১০ বাজিছিল । ইছৰোৱে ১০ বজাৰ লগে লগে গগনযানৰ প্রথম পৰ্যায়ৰ পৰীক্ষামুলক উৎক্ষেপণৰ সফল পৰীক্ষণ সম্পন্ন কৰি ইতিহাস ৰচনা কৰে । শ্রী হৰিকোটাৰ পৰা উৎক্ষেপণ কৰা মহাকাশযান খন ক্রুিউ মডিউল আৰু এস্কেপ চিষ্টেমক আকাশলৈ লৈ যায় । ইয়াৰ পাছত ৫৯৪ কিলোমিটাৰ গতিবেগত ১৭ কিলোমিটাৰ দুৰত্বলৈ লৈ যায় ক্রুিউ মডিউল আৰু এস্কেপ চিষ্টেমক । ১৫০০ মিটাৰ উচ্চতাত মডিউলৰ মুল পেৰাচুট মুকলি হোৱাৰ পাছত পেৰাচুট অৱতৰণ কৰে বংগোপসাগৰত ।২০২৫ চনৰ গগনযান অভিযানৰ বাবে এনেদৰে এতিয়া প্রস্তুতি চলাইছে ইছৰোৱে ।