১১ লাখ টকাৰ খুচুৰা মুদ্ৰাৰে দুৰ্গা পূজাৰ মণ্ডপ নিৰ্মাণ; নগাঁৱত ভক্তৰ ভিৰ

ৰাজ্যজুৰি ব্যাপক উলহ মালহেৰে উদযাপন কৰি থকা হৈছে দুৰ্গা পূজা। দুৰ্গা পূজাৰ আয়োজকসকলে ভক্তক আকৰ্ষণ কৰিবলৈ বিভিন্ন থিমৰ সহায়ত সজাই পৰাই তুলিছে পূজা মণ্ডপ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো সজাই পৰাই তোলা হৈছে এক অনন্য মণ্ডপ। চহৰৰ শনি মন্দিৰ দুৰ্গা পূজা সংঘই বিগত বছৰৰ দৰে এইবাৰো ব্যতিক্ৰমী ৰূপত আটকধুনীয়াকৈ সজাই তুলিছে পূজা মণ্ডপ। এইবাৰ পূজা মণ্ডপ খুচুৰা মুদ্ৰাৰে নিৰ্মাণ কৰিছে।

মণ্ডপটো সজোৱাৰ বাবে ব্যৱহাৰ কৰা হৈছে ২, ৫ আৰু ১০ টকীয়া মুদ্ৰা। পূজা আয়োজকে জানিব দিয়া অনুসৰি, মণ্ডপটো সম্পূৰ্ণ কৰিবলৈ ব্যৱহাৰ কৰা হৈছে মুঠ ১১ লাখ টকাৰ মুদ্ধা।

বিগত দুৰ্গা পূজাৰ সময়ত ভক্তই দেৱী মাৰ ওচৰত আগবঢ়োৱা দান বৰঙণিৰ খুচুৰা মুদ্ৰা ব্যৱহাৰ কৰা হৈছে। ইয়াৰ উপৰি, আয়োজকে ভাৰতীয় ষ্টেট বেংকৰ পৰাও ১০ লাখ টকাৰ মুদ্ৰা সংগ্ৰহ কৰিছে।

মুদ্ৰাসমূহ প্লাইব’ৰ্ডত এনেদৰে খোদিত কৰা হৈছে যে সোণালী ৰঙৰ ১০ টকীয়া মুদ্ৰাবোৰ ওপৰৰ অংশত আৰু তলৰ অংশত ৰূপালী মুদ্ৰাবোৰ ব্যৱহাৰ কৰাত সুন্দৰ ৰূপ লাভ কৰে মণ্ডপটোৱে।

ইয়াৰ উপৰি আয়োজকসকলে জানিব দিয়া অনুসৰি, মন্দিৰৰ ভিতৰৰ অংশ সজাই তোলাৰ বাবেও খুচুৰা মুদ্ৰা ব্যৱহাৰ কৰা হৈছে।

খুচুৰা মুদ্ৰাৰে সুন্দৰভাৱে সজাই পৰাই তোলা পূজা মণ্ডপ তথা এই দুৰ্গা পূজাখন এতিয়া ভক্তৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে।

Comments (0)
Add Comment