তামিলনাডুত ভয়ংকৰ পথ দুৰ্ঘটনা; অসমৰ ৫গৰাকী শ্ৰমিকসহ ৭জনৰ কৰুণ মৃত্যু

সোমবাৰে তামিলনাডুৰ তিৰুৱন্নমলাই জিলাৰ চেংগাম চহৰৰ সমীপত এখন এছ ইউ ভি আৰু এখন চৰকাৰী বাছৰ মুখামুখি সংঘৰ্ষত নিহত হয় ৭ জন লোক।

আৰক্ষীয়ে জনোৱা মতে, আটাইকেইজনেই হছুৰৰ সমীপৰ এটা কাৰখানাৰ শ্ৰমিক। আয়ুধ পূজা উপলক্ষ্যে পুডুচেৰীৰ পৰা উভতি অহাৰ সময়ত এই ভয়ংকৰ ঘটনাটো সংঘটিত হয়।

নিহতসকলৰ ভিতৰত ৫জন অসমৰ আৰু আন দুজন তামিলনাডুৰ।

উপ-মহাপৰিদৰ্শক এম এছ মুথুছামিয়ে জনোৱা মতে, ‘আমি বাছ চালকজনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছো আৰু তদন্ত চলি আছে। দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে আমি সতৰ্কবাণী বৰ্ড আৰু বেৰিকেড স্থাপনৰ পৰিকল্পনা কৰিছো।‘

আৰক্ষীয়ে জনোৱা অনুসৰি চৰকাৰী বাছখনে বেংগালুৰুৰ পৰা তিৰুৱন্নমলাই অভিমুখে আৰু ১১ জন শ্ৰমিক কঢ়িয়াই নিয়া এছ ইউ ভিখন হোছুৰ অভিমুখে ৰাওনা হয়। নিশা প্ৰায় ৯.৩০ বজাত দুয়োখন বাহনৰ মাজত সংঘৰ্ষ হৈছিল।

বাছ চালকজন টোপনি যোৱাৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

এছ ইউ ভিখনত থকা ৭জনৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন চাৰিজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বাছখনত থকা লোকসকল আঘাতপ্ৰাপ্ত হোৱা নাই।

আৰক্ষীয়ে চিনাক্ত কৰা নিহত সাতজন লোক হ’ল- ভীমলথিৰকি (২৬), নিক্লাছ (২২), তালু (২৬), গুঞ্জছাৰাই (২৪), নাৰায়ণ চেট্টী (৩৫), কামৰাজ (২৯) আৰু নাৰায়ণ চেট্টী (৩৫)।

Comments (0)
Add Comment