সোমবাৰে বাংলাদেশত সংঘটিত হয় এক ভয়াৱহ ৰে’ল দুৰ্ঘটনা। এখন যাত্ৰীবাহী ৰে’ল আৰু এখন মালবাহী ৰে’লৰ মাজত হোৱা সংঘৰ্ষত ১৫ জন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় কেইবাজনো লোক।
প্ৰশাসনে জানিব দিয়া অনুসৰি সোমবাৰে বিয়লি প্ৰায় ৪.১৫ বজাত কিশোৰগঞ্জৰ পৰা ঢাকা অভিমুখী যাত্ৰীবাহী ৰে’লখনে মালবাহী ৰে’লখনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।
‘মালবাহী ৰে’লখনে পিছফালৰ পৰা ইগাৰো সিন্ধুৰ নামৰ যাত্ৰীবাহী ৰে’লখনত খুন্দা মাৰে’, ঢাকা ৰে’ল আৰক্ষীৰ অধীক্ষক আনোৱাৰ হোছেইনে জানিব দিয়ে এই কথা।
ৰাজধানী ঢাকাৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দূৰৈৰ ভৈৰৱত সংঘটিত হয় এই দুৰ্ঘটনা।
স্থানীয় আৰক্ষী বিষয়া ছিৰাজুল ইছলামে জানিব দিয়া মতে উদ্ধাৰ অভিযান অব্যাহত থকাৰ বাবে মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
‘আমি এতিয়ালৈকে ১৫টা মৃতদেহ উদ্ধাৰ কৰিছো, আহত হৈছে বহু। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে’, ছাদিকুৰ ৰহমান নামৰ এগৰাকী চৰকাৰী বিষয়াই জানিব দিয়ে।
দুৰ্ঘটনাটোত অতি কমেও ১০০ গৰাকী লোক আহত হোৱা বুলিও বিষয়াগৰাকীয়ে জনায়।