দুৰ্ঘটনাত পতিত উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱাট, ডিভাইডাৰত খুন্দা বাহনৰ । ISHAN NEWS

দুৰ্ঘটনাত পতিত হৈছে উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱট। লাভ কৰা তথ্য অনুসৰি মঙলবাৰে গভীৰ নিশা প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱটে উধম সিং নগৰৰ হালদ্বাণীৰ পৰা কাশীপুৰলৈ গৈ থকা অৱস্থাত তেওঁৰ গাড়ীখনে ডিভাইডাৰত খুন্দা মাৰে।

এই দুৰ্ঘটনাটোৰ ফলত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী আৰু তেওঁৰ লগত থকা লোকসকল সামান্য পৰিমানে আহত হোৱা বুলি জানিব পৰা গৈছে।

অৱশ্যে পাছত প্রাক্তন মুখ্যমন্ত্রী হৰিশ ৰাৱটে নিজেই ছ’চিয়েল মিডিয়াৰ জৰিয়তে দুৰ্ঘটনাত পতিত হোৱাৰ কথা উল্লেখ কৰি তেওঁ সুস্থ বুলি জানিব দিয়ে।

এটা পোষ্টত উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱটে কয় যে দুৰ্ঘটনাটোৰ পিছত তেওঁ সাধাৰণ আঘাত পাইছিল, তাৰ পিছত চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰা হৈছিল।

তেওঁ আৰু লিখিছে, ‘চিকিৎসকে সকলো ঠিকেই আছে বুলি ক’লে আৰু মোক ডিচচাৰ্জ দিয়া হ’ল… কিছু বন্ধুৱে ছ’চিয়েল মিডিয়াত এই বিষয়ে পোষ্ট কৰিছে যিয়ে হয়তো একাংশ লোকৰ মাজত উদ্বিগ্নতা বৃদ্ধি কৰিব পাৰে। চিন্তা কৰিবলগীয়া একো নাই। মই একেবাৰে সুস্থ আৰু মোৰ সহকৰ্মীসকলো সুস্থ।‘

Comments (0)
Add Comment