অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামত অহা ৭ নৱেম্বৰত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো দলৰ প্ৰাৰ্থীসকল এতিয়া ব্যস্ত প্ৰচাৰত।
ৰাজ্যখনৰ ৰাজনীতি গৰম হৈ থকাৰ সময়তে নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ সন্দৰ্ভত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য।
নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ১১২ গৰাকী প্ৰাৰ্থী কোটিপতি। অৰ্থাৎ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰায় ৬৮ শতাংশ প্ৰাৰ্থীয়ে হৈছে কোটিপতি।
এই প্ৰাৰ্থীসকলৰ ভিতৰত সৰ্বাধিক ধনী আম আদমি পাৰ্টিৰ এগৰাকী প্ৰাৰ্থী। আপৰ এণ্ড্ৰিউ লালৰেমকিমাপচুয়াইৰ আছে ৬৯ কোটি টকাৰ সম্পত্তি।
আনহাতে আটাইতকৈ দুখীয়া প্ৰাৰ্থী হ’ল ৰামহন এদেনা। তেওঁৰ সম্পত্তি মাত্ৰ ১৫০০ টকা।
মিজোৰামত ৬৯ কোটি টকাৰ সম্পত্তিৰে ১ নম্বৰত আছে আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি। দ্বিতীয় স্থানত আছে কংগ্ৰেছ প্ৰাৰ্থী আৰ ভানলালাংগা আৰু তেওঁৰ সম্পত্তি ৫৫.৬ কোটি টকা।
তৃতীয় স্থানত আছে এইচ গিঞ্জালালা যাৰ সম্পত্তিৰ পৰিমাণ ৩৬.৯ কোটি টকা। মিজো নেচনেল ফ্ৰণ্টৰ সভাপতি তথা মুখ্যমন্ত্ৰী জোৰামথাংগাৰ ৫ কোটি টকাৰ সম্পত্তি আছে আৰু ৫ নম্বৰত আছে।
জেড পি এমৰ পৰা মুখ্যমন্ত্ৰী প্ৰাৰ্থী লালডুহোমাৰ হাতত আছে ৪ কোটি টকাৰ সম্পত্তি। মিজোৰাম কংগ্ৰেছৰ সভাপতিৰ সম্পত্তিৰ মূল্য ৬ কোটি টকা। বিজেপিৰ সভাপতি ভানলালৰ সম্পত্তিৰ পৰিমাণ ৩১.৩১ লাখ টকা।
মহিলা প্ৰাৰ্থীৰ ভিতৰত কোন সবাটোকৈ ধনী?
মিজোৰামত প্ৰকাশ পোৱা প্ৰাৰ্থীৰ তালিকাত মুঠ ১৬ গৰাকী প্ৰাৰ্থী মহিলা আৰু ইয়াৰে ১৮.৬৩ কোটি টকাৰ সম্পত্তিৰে সৰ্বাধিক ধনী মহিলা প্ৰাৰ্থী মৰিয়ম এইচ।