আমেৰিকাত পুনৰ বন্দুকধাৰীয়ে সাধাৰণ নাগৰিকৰ ওপৰত চলালে সংহাৰ। বুধবাৰে গভীৰ নিশা আমেৰিকাৰ লুইষ্টনত এজন ব্যক্তিয়ে চলোৱা নিৰ্বিচাৰ গুলীচালনাত ২২ জন লোকৰ মৃত্যু হৈছে।
এই চাঞ্চল্যকৰ গুলীচালনা ঘটনাৰ পিছত ৰাজ্যখনত ব্যাপক অৰাজকতাৰ সৃষ্টি হৈছে।
সংবাদ সংস্থাৰ তথ্য অনুসৰি, এই ঘটনাত বহু লোক আহত হৈছে। লুইষ্টন আৰক্ষীয়ে ইয়াৰ পূৰ্বে ফেচবুক পোষ্টত জনাইছিল যে লুইষ্টনৰ ৱালমাৰ্টৰ এটা বিতৰণ কেন্দ্ৰ, বলিং আলি আৰু স্থানীয় বাৰত এজন শ্বুটাৰে সাধাৰণ মানুহৰ ওপৰত গুলীচালনা কৰিছিল।
এণ্ড্ৰ’স্কগিন কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ে ফেচবুক পেজত সন্দেহযুক্ত লোকজনৰ দুখন ফটো প্ৰকাশ কৰিছে, য’ত দেখা গৈছে যে এজন বন্দুকধাৰীয়ে কান্ধৰ ওপৰত অস্ত্ৰ লৈ গুলীচালনা কৰিছে।
আমেৰিকান আৰক্ষীৰ মতে, গুলীচালনা কৰা ব্যক্তিজন মানসিকভাৱে অসুস্থ আৰু তেওঁ পূৰ্বতে গুলীচালনাৰ প্ৰশিক্ষণ দিছিল। শ্বুটাৰগৰাকীৰ নাম ৰবাৰ্ট কাৰ্ড বুলি জানিব পৰা গৈছে।
লুইষ্টন আৰক্ষীয়ে জানিব দিয়া মতে, এই আক্ৰমণত কমেও ২২ জনৰ লোকৰ মৃত্যু হোৱাৰ লগতে ৫০ৰ পৰা ৬০জন লোক আহত হৈছে। আহত সকলৰ চিকিসা চলি আছে যদিও মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব বুলিও আশংকা কৰা হৈছে।
ইতিমধ্যে সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোৰ ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে। লগতে নিৰাপত্তাৰক্ষীৰ দলে অভিযুক্ত দুজনক কৰায়ত্ত কৰিবলৈ অভিযান ক্ষীপ্ৰতৰ কৰি তুলিছে।
উল্লেখ্য যে, এই নৃশংস আক্ৰমণৰ পিছত আমেৰিকাৰ বন্দুক নীতিৰ ওপৰত পুনৰ এবাৰ প্ৰশ্ন উত্থাপন হৈছে। দেশখনত সহজে বন্দুক ক্ৰয় আৰু অনুজ্ঞাপত্ৰ দিয়াৰ বাবেই এনেধৰণৰ হিংসা ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে বুলি সচেতন মহলে মত প্ৰকাশ কৰে।