কৰ্ণাটকৰ চিকবল্লাপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয়।
এই দুৰ্ঘটনাটো বৃহস্পতিবাৰে পুৱা ৭.১৫ বজাত ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিত্ৰৱতী যান-বাহন আৰক্ষী থানাৰ সন্মুখত সংঘটিত হয়।
এই ঘটনাত নিহত হোৱা ১২ জন লোকৰ ভিতৰত আছে ৮ জন পুৰুষ আৰু ৪ গৰাকী মহিলা।
সন্মুখৰ পৰা আহি থকা টাটা ছুমো এখনে ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন টেংকাৰত খুন্দা মাৰে। টেংকাৰ আৰু ছুমোৰ সংঘৰ্ষৰ পিছত আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত তেওঁলোকৰ মৃত্যু ঘটে।
সূত্ৰ অনুসৰি ঘন কুঁৱলীৰ বাবে পথৰ কাষত ৰখাই থোৱা টেংকাৰখন নেদেখাৰ ফলতেই এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।
চিক্কাবল্লপুৰৰ আৰক্ষী অধীক্ষকে জানিব দিয়া মতে, দুৰ্ঘটনাটোৰ ফলত টাটা ছুমোখনত থকা ১২ গৰাকী যাত্ৰীৰ থিতাতে মৃত্যু হয় আৰু আন এজন যাত্ৰী আহত হয়। আহত লোকজনৰ চিকিৎসা চলি আছে।
নিহত লোকসকলক চিনাক্ত কৰিব পৰা নাই যদিও পৰিচয় উদ্ধাৰৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।