ৰাজস্থান বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজস্থানত কংগ্ৰেছৰ বিৰুদ্ধে সক্রিয় হৈছে ই, ডি। কৰ্ণাটকৰ পাছত, এইবাৰ ৰাজস্থানত আৰম্ভ চলিছে E D ৰ অভিযান। বৃহস্পতিবাৰে , EDৰ বিষয়াসকলে ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিধায়ক গোবিন্দ সিং দোতাছৰা আৰু দলৰ শীৰ্ষ নেতা ওম প্ৰকাশ হুদলাৰ বাসগৃহত তালাচী অভিযান চলায়। ইফালে, মুখ্যমন্ত্ৰী অশোক গেহলটৰ পুত্ৰ তথা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ বৈভৱ গেহলটক সোধা-পোছাৰ বাবে মাতি পঠিয়াইছে ED য়ে।
ইডিৰ সূত্ৰৰ উদ্ধৃতি দি ৰাষ্ট্ৰীয় সংবাদ সংস্থাই সদৰী কৰা মতে দুটা পুৰণি ঘটনাৰ আধাৰত চলিছে ED ৰ অভিযান। চৰকাৰী নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ সন্দৰ্ভত অবৈধ বিত্তীয় লেনদেনৰ সন্ধান কৰিবলৈ গোবিন্দ আৰু ওম প্ৰকাশৰ একাধিক ঠিকনাত চলিছে ED ৰ অভিযান ।
বৈদেশিক মুদ্ৰা নিয়ন্ত্ৰণ আইন (ফেমা) উলংঘা কৰাৰ অভিযোগত ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলটৰ পুত্র বৈভৱ গেহলটক সোধা-পোছাৰ বাবে ED ৰ কৰ্যালয়লৈ ।
উল্লেখ্য যে , ২০২০ চনত, জয়পুৰস্থিত দুগৰাকী ব্যক্তিয়ে গেহলট-পুত্ৰৰ বিৰুদ্ধে ছিৱনাৰ হোল্ডিংছ নামৰ মৰিচাছস্থিত এটা কোম্পানীৰ জৰিয়তে ধনৰ লেনদেন কৰাৰ অভিযোগ উত্থাপন হৈছিল। অভিযোগ মতে, বৈভৱে ২০১১ চনত সেই কোম্পানীটোৰ জৰিয়তে বেনামীভাৱে ট্ৰিটন হোটেলৰ ২,৫০০ শ্বেয়াৰ ক্ৰয় কৰিছিল। এই অভিযোগৰ ভিত্তিত, বিজেপি সাংসদ কিৰোৰিলাল মীনাই গেহলটৰ পুত্ৰৰ বিৰুদ্ধে তদন্ত বিচাৰি ইডিৰ কাষ চাপিছিল।প্রায় তিনি বছৰৰ পাছত, বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত, EDয়ে আৰম্ভ কৰিছে তদন্ত ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৯ বছৰীয়া কাৰ্যকালত, কেন্দ্ৰীয় সংস্থাবোৰৰ ওপৰত বাৰে বাৰে পক্ষপাতদুষ্ট আচৰণৰ অভিযোগ উত্থাপন হৈছে । উল্লেখ্য যে , মে মাহত, কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ কেইদিনমান পূৰ্বে, ইডিয়ে অবৈধ বিত্তীয় লেনদেনৰ গোচৰত ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰক জাননী জাৰি কৰিছিল।
অহা ২৫ নৱেম্বৰত অনুষ্ঠিত হ’ব ৰাজস্থান বিধানসভাৰ নিৰ্বাচন। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে বিজেপিৰ প্ৰধান প্ৰতিদ্বন্দী কংগ্ৰেছৰ নেতাসকলৰ বিৰুদ্ধে ইডিৰ অভিযানক কেন্দ্ৰ কৰি উত্থাপন হৈছে বিভিন্ন প্রশ্ন ।