২৫ সংখ্যক আই চি চি এদিনীয়া বিশ্বকাপ ২০২৩ৰ এখন খেলত আজি অৰ্থাৎ বৃহস্পতিবাৰে খেলপথাৰত মুখামুখি হ’ব ইংলেণ্ড আৰু শ্ৰীলংকা। আজি দিনৰ ২ বজাৰ পৰা বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত আৰম্ভ হ’ব খেলখন।
আইচিচিৰ এদিনীয়া বিশ্বকাপ ২০২৩ত দুয়োটা দলৰ বাবেই আজিৰ খেলখন হ’ব পঞ্চমখন খেল৷ বিশ্বকাপ ২০২৩ৰ পইন্ট তালিকাত ২ পইন্টেৰে ইংলেণ্ডে অষ্টম স্থানত থকাৰ বিপৰীতে ২ পইণ্টেৰেই শ্রীলংকা আছে সপ্তম স্থানত৷
উল্লেখ যোগ্য যে, ৫ অক্টোবৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই চি চি এদিনীয়া বিশ্বকাপ ২০২৩ৰ প্ৰখমখন মেচত ইংলেণ্ডক নিউজিলেণ্ডে ৯ উইকেটত পৰাস্ত কৰিছিল। ১০ অক্টোবৰত ধৰ্মশালা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচত ইংলেণ্ডে বাংলাদেশক ১৩৭ ৰানত পৰাস্ত কৰাৰ বিপৰীতে তৃতীয় আৰু চতুৰ্থখন মেচত ইংলেণ্ডে আফগানিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ হাতত ক্ৰমে ৬৯ ৰান আৰু ২২৯ ৰানত পৰাস্ত হয়। আনহাতে শ্ৰীলংকাইয়ো এই পৰ্যন্ত এই টুৰ্ণামেন্টটোত মাত্ৰ এখন মেচত জয়ী হোৱাৰ বিপৰীতে বাকী ৩খন মেচতে পৰাস্ত হৈছে।
অসুস্থতাৰ বাবে ইংলেণ্ডৰ অলৰাউণ্ডাৰ বেন ষ্ট’কছে প্রথম তিনিখন মেছৰ এখনতো অংশগ্ৰহণ কৰিব নোৱাৰিলে । স্পৰ্টছ টেকত প্রকাশিত বাতৰি অনুসৰি বেন ষ্ট’কছ এতিয়াও সুস্থ হোৱা নাই । অনুশীলনৰ সময়ত ষ্টকছে ইনহেলাৰ ব্যৱহাৰ কৰা দেখা গৈছিল । ষ্টকছ সম্পূৰ্ণ সুস্থ নহ’লে ইংলেণ্ডৰ সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।