আই পি এলত পৰ্যাপ্ত সুযোগ পোৱাৰ পিছতো আশানুৰূপ প্ৰদৰ্শন কৰাত ব্যৰ্থ হোৱা অসমৰ প্ৰতিভাৱান ক্ৰিকেটাৰ ৰিয়ান পৰাগে চলিত চৈয়দ মুস্তাক আলী ট্ৰফীত দুৰ্দান্ত প্ৰদৰ্শনেৰে জয় কৰিছে অনুৰাগীৰ হৃদয়।
ঘৰুৱা টি-২০ চেম্পিয়নশ্বিপখনৰ প্ৰথমখন মেচত ওড়িষাৰ বিৰুদ্ধে মাত্ৰ ১৯টা বলতে ৪৫ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল ৰাজ্যখনক নেতৃত্ব প্ৰদান কৰা ৰিয়ানে। অৱশ্যে মেচখনত পৰাস্ত হৈছিল অসম।
দ্বিতীয়খন মেচত বিহাৰৰ বিৰুদ্ধে ৰিয়ানে টুৰ্ণামেণ্টৰ প্ৰথমটো অৰ্ধশতক অৰ্জন কৰিছিল। তেওঁ ৩৪টা বলত ৬১ ৰানৰ ইনিংছ খেলিছিল। মেচখনত অসমে ৫ ৰানত জয়ী হৈছিল।
আনহাতে তৃতীয়খন মেচত চাৰ্ভিচেছৰ বিৰুদ্ধে মাত্ৰ ৩৭টা বলত ৭৬ ৰানৰ অপৰাজিত ইনিংছ খেলি অসমক বিজয় লক্ষ্যত উপনীত কৰাইছিল।
চতুৰ্থখন মেচত ৰিয়ানে ছিকিমৰ বিৰুদ্ধে ২৯টা বলত ৫৩ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল। এইটো আছিল তেওঁৰ ক্ৰমাগত তৃতীয়টো অৰ্ধশতক।
মেচখনত অসমে ১০০ ৰানৰ ব্যৱধানত জয়ী হৈছিল।
প্ৰতিযোগিতাৰ পঞ্চমখন মেচতো সুন্দৰভাৱে নিজৰ ফৰ্মৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি ৰিয়ানে চণ্ডীগড়ৰ শক্তিশালী বলিং লাইনআপৰ বিৰুদ্ধে দৃঢ়তাৰে বেটিং কৰি ক্ৰমাগত চতুৰ্থটো অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হয়।
ৰিয়ানে চণ্ডীগড়ৰ বিৰুদ্ধে ৩৯টা বলত ৭৬ ৰানৰ ইনিংছ খেলে। অৱশ্যে মেচখন ৬ উইকেটত জয়ী হয় চণ্ডীগড়।
২৫ অক্টোবৰ অৰ্থাত কালি হিমাচল প্ৰদেশৰ বিৰুদ্ধে অনুষ্ঠিত হৈ যোৱা মেচখনতো অব্যাহত থাকে ৰিয়ানৰ দুৰ্দান্ত প্ৰদৰ্শন। অসমে প্ৰথম বেট ধৰি ৰিয়ানৰ ৭২ আৰু সুমিত ঘাডিগাঁওকাৰৰ ৭১ ৰানৰ সহায়ত ২৩১ ৰানৰ বিশাল স্ক’ৰ কৰে।
এইটো আছিল ৰিয়ানৰ ক্ৰমাগত পঞ্চমটো অৰ্ধশতক। এই মেচখনত অসম ২ ৰানত জয়ী হয়।
প্ৰতিযোগিতাখনত এতিয়ালৈকে ৰিয়ানে ৯৬.৫০ গড়ে মুঠ ৩৮৬ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ ষ্ট্ৰাইক ৰেট হৈছে ১৯৭.৯৪।
কেৱল বেটিং বিক্ৰমেই নহয় প্ৰতিযোগিতাখনত ৰিয়ানে বলিঙৰেও আগবঢ়াইছে উজ্জিৱীত প্ৰদৰ্শন। এই পৰ্যন্ত খেলা ৬খন মেচত ৰিয়ানে ৭টা উইকেট দখল কৰিছে।
বেটিং-বলিং উভয়তে জিলিকি উঠা ৰিয়ানৰ এই প্ৰদৰ্শনৰ বাবে ভাৰতীয় জাতীয় দলত সুযোগ পোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।
বিশ্বকাপৰ পিছত ভাৰতৰ ভূমিতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব ৫খন মেচৰ টি-২০ শৃংখলা। ৰিয়ানৰ শেহতীয়া ফৰ্ম তথা প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি শৃংখলাটোত তেওঁক সুযোগ দিয়া সন্দৰ্ভত নিৰ্বাচক সমিতিয়ে নিশ্চিতভাৱে চিন্তা-চৰ্চা কৰিবলৈ বাধ্য হ’ব।