জম্মু-কাশ্মীৰৰ গাতে লাগি থকা আন্তঃৰাষ্ট্ৰীয় সীমান্তত পাকিস্তানে পুনৰবাৰ নিকৃষ্ট মানসিকতাৰ পৰিচয় দি উলংগা কৰিলে যুদ্ধ বিৰতি। বৃহস্পতিবাৰে নিসা পাকিস্তানী ৰেঞ্জাৰসকলে বি এছ এফক লক্ষ্য কৰি প্ৰচণ্ড গুলীচালনা আৰম্ভ কৰে।
পাকিস্তানৰ তৰফৰ পৰা চলোৱা গুলীচালনাক ভাৰতীয় সেনাইও উপযুক্ত প্ৰত্যুত্তৰ প্ৰদান কৰে।
নিশা হঠাত হোৱা এই গুলীচালনাৰ বাবে সীমান্তৰ কাষতে থকা গাঁওবাসীয়ে ওচৰতে নিৰ্মাণ কৰা বাংকাৰত আশ্ৰয় ল’বলগীয়া হৈছিল।
বৃহস্পতিবাৰে নিশাৰ পৰা এই গুলীচালনা এতিয়াও চলি আছে। আৰনিয়া খণ্ডৰ গাঁৱৰ ৰাইজে কয়, ‘আমাৰ গাঁৱৰ পৰা ২ কিলোমিটাৰ নিলগত অৱস্থিত সীমান্তত গভীৰ নিশাৰ পৰা এই গুলীচালনা চলি আছে। প্ৰায় ২-৩ বছৰৰ পিছত এনে ঘটনা সংঘটিত হৈছে আৰু গোটেই গাঁওবাসী বাংকাৰত আশ্ৰয় ল’বলগীয়া হৈছে।‘
আৰনিয়া খণ্ডত বাস কৰা এগৰাকী মহিলাই কয়, ‘যোৱা নিশা ৮ বজাৰ পৰা গুলীচালনা আৰম্ভ হয়। পাকিস্তানৰ তৰফৰ পৰা প্ৰায় ৪-৫ বছৰৰ পিছত এইধৰণৰ ভয়ংকৰ গুলীচালনা চলিছে। সকলোৱে নিজৰ ঘৰৰ ভিতৰত আছে।‘
এই গুলীচালনাৰ মাজতে বি এছ এফে কয় যে আমি তেওঁলোকে কৰা গুলীচালনাৰ যথাযত প্ৰত্যুত্তৰ দিছো। পাকিস্তানে কিয় এই হঠাৎ গুলীচালনা কৰিছে সেই সন্দৰ্ভত তথ্য লাভ কৰা নাই।
এই গুলীচালনাত সেনাৰ দুই জোৱানসহ মুঠ ৫জন লোক নিহত হোৱাৰ লগতে পাঁচটাকৈ ঘৰ ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, কুপৱাৰাৰ মাছিল ছেক্টৰত নিৰাপত্তাৰক্ষীৰ যৌথ অভিযানত লস্কৰ-ই-তৈবাৰ ৫গৰাকীকৈ সন্ত্ৰাসবাদী নিহত হোৱাৰ পিছতে পাকিস্তানৰ তৰফৰ পৰা যুদ্ধবিৰতি উলংঘাৰ ঘটনা সংঘটিত হয়।