আপুনি অযোধ্যাৰ নৱ নিৰ্মিত ৰাম মন্দিৰ দৰ্শনৰ কথা ভাবিছে নেকি ? যদি ভাবিছে! এই বাতৰি আপোনাৰ বাবে গুৰুত্বপূৰ্ণ ।

অযোধ্যাৰ ৰাম মন্দিৰত ৰাম লালা স্থাপন অনুষ্ঠানৰ বৈদিক ৰীতি-নীতি মূল অনুষ্ঠান আৰম্ভ হোৱাৰ এসপ্তাহৰ পূৰ্বে অৰ্থাৎ অহা বছৰৰ ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব।

বাৰাণসীৰ বৈদিক পুৰোহিত লক্ষ্মীকান্ত দীক্ষিতে ২০২৪ বৰ্ষৰ ২২ জানুৱাৰীত হ’বলগীয়া ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা অনুষ্ঠানৰ মুখ্য ৰীতি-নীতি পালন কৰিব। জ্যোতিষী আৰু বৈদিক পুৰোহিতসকলৰ পৰামৰ্শৰ ভিত্তিত শ্ৰী ৰাম জনমভূমি তীৰ্থক্ষেত্ৰ ন্যাসে ২২ জানুৱাৰীৰ দুপৰীয়া ১২ বজাৰ পৰা ১২:৪৫ বজাৰ ভিতৰত ৰাম লালাক ৰাম মন্দিৰত প্রতিষ্ঠা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত অনুষ্ঠিত হবলগীয়া ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা অনুষ্ঠানত আৰ এছ এছ ৰ মুৰব্বী মোহন ভাগৱতো উপস্থিত থাকিব। ইয়াৰ উপৰিও এই অনুষ্ঠানত উপস্থিত থাকিব উত্তৰ প্রদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেল আৰু মুখ্যমন্ত্রী যোগী আদিত্য নাথ এই কথা সদৰী কৰিছে ৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে । ৪০০০ ৰো অধিক সাধুক আমন্ত্ৰণ জনোৱা হৈছে এই অনুষ্ঠানলৈ ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৰাম মন্দিৰত প্রবেশ কৰাৰ পাছতহে আন আন আমন্ত্রিত অতিথিসকল ৰাম মন্দিৰত প্রবেশ কৰিব পাৰিব। প্রাণ প্রতিষ্ঠা অনুষ্ঠানলৈ দেশৰ ২৫০০ বিশিষ্ট লোকক আমন্ত্ৰণ জনাইছে। ইয়াৰ ভিতৰত আছে বিজ্ঞানী, পৰম বীৰ চক্ৰ বঁটা বিজয়ী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ লগতে কেইবাগৰাকী শিল্পীও উপস্থিত থাকিব এই অনুষ্ঠানত। ৰাম মন্দিৰ আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ব্যক্তি সকলৰ পৰিয়ালৰ সদস্যকো আমন্ত্রণ জনাইছে এই অনুষ্ঠানলৈ । অহা বছৰৰ ২৩ জানুৱাৰীৰ পৰা ভক্তসকলৰ বাবে মুকলি থাকিব ৰাম মন্দিৰৰ দুৱাৰ ।

ৰাম মন্দিৰ মুকলি অনুষ্ঠানৰ বাবে বাতৰি কাকত আৰু বাতৰি চেনেলৰ ১০০ ৰো অধিক মালিককো আমন্ত্ৰণ জনাইছে ।অতিথিসকল এই অনুষ্ঠানলৈ আহোতে লগত আধাৰ কাৰ্ড আনিব লাগিব।
শ্ৰী ৰাম জনমভূমি তিৰ্থ ক্ষেত্ৰ ন্যাসে বয়োজ্যেষ্ঠ ব্যক্তি সকলক জানুৱাৰীৰ পৰিৱৰ্তে ফেব্ৰুৱাৰীত অযোধ্যা ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছে। জানুৱাৰীত শীতৰ সময়ছোৱাত বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব পাৰে বয়োজ্যেষ্ঠ লোক সকল ।

Comments (0)
Add Comment