কয়লা খনিত ভয়ংকৰ অগ্নিকাণ্ড, ২১ জন শ্ৰমিক নিহত, ২৫ জনতকৈ অধিক নিৰুদ্দেশ

কাজাখস্তানৰ কয়লা খনিত ব্যাপক অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে। তথ্য অনুসৰি এই বৃহৎ অগ্নিকাণ্ডৰ ফলত ২১ জন লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে।

এই মৰ্মান্তিক ঘটনাটোত ২৫ জনতকৈ অধিক লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। কয়লা খনিটো পৰিচালনা কৰা কোম্পানী আৰ্চেলৰমিট্টল টেমিৰ্টাউৱে এক বিবৃতিত এই তথ্য প্ৰদান কৰিছে।

কোম্পানীটোৱে জনোৱা মতে, যেতিয়া কোষ্টেনকো কয়লা খনিটোত অগ্নিকাণ্ড সংঘটিত হৈছিল তেতিয়া প্ৰায় ২৫২ জন শ্ৰমিকে কাম কৰি আছিল। এই অগ্নিকাণ্ডৰ কাৰণ মিথেন গেছ হ’ব পাৰে বুলি আশংকা কৰা হৈছে।

আৰ্চেলৰমিট্টল টেমিৰ্টাউ হৈছে লাক্সেমবাৰ্গস্থিত বহুজাতিক কোম্পানী আৰ্চেলৰমিট্টালৰ স্থানীয় প্ৰতিনিধি, যিটো বিশ্বৰ দ্বিতীয় বৃহত্তম তীখা নিৰ্মাতা কোম্পানী। আৰ্চেলৰমিট্টল টেমিৰ্টাউৱে কাৰাগাণ্ডা অঞ্চলত আঠটা কয়লা খনি চলায়।

উল্লেখ্য যে, কোম্পানীটোৰ একেটা খনিতে আগষ্ট মাহতো জুই লাগিছিল য’ত চাৰিজন শ্ৰমিকৰ মৃত্যু হৈছিল। ইফালে ২০২২ চনৰ নৱেম্বৰ মাহত আন এটা খনিত মিথেন গেছ নিৰ্গত হোৱাৰ ফলত ৫ জন লোকৰ মৃত্যু হৈছিল।

কোম্পানীটোৱে এক বিবৃতিত মৃতকৰ প্ৰতি শোক প্ৰকাশ কৰি কয় যে এতিয়া তেওঁলোকৰ প্ৰচেষ্টা হৈছে যাতে ক্ষতিগ্ৰস্ত কৰ্মচাৰীসকলে চৰকাৰী কৰ্তৃপক্ষৰ পৰা সহায়ৰ লগতে যত্ন আৰু পুনৰ্বাসন লাভ কৰে।

ইফালে কাজাখস্তানৰ ৰাষ্ট্ৰপতি কাছিম-জোমাৰ্ট টোকায়েভে কোম্পানীটোৰ সৈতে সকলো ধৰণৰ সম্পৰ্কৰ অন্ত পেলাই কয়লা খনিটোত সম্ভাৱ্য সুৰক্ষা উলংঘাৰ তদন্তৰ কথাও ঘোষণা কৰিছে।

Comments (0)
Add Comment