ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহম্মদ আজহাৰুদ্দিনক তেলেংগানাত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছে । প্ৰাক্তন সাংসদ আজহাৰুদ্দিনক হায়দৰাবাদৰ জুবিলি হিলছ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছে।
AICC য়ে বৃহস্পতিবাৰে নিশা তেলেংগানা বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিল। আজহাৰৰ উপৰিও, ৪৫ খন আসনৰ প্ৰাৰ্থীৰ তালিকাত দুগৰাকী প্ৰাক্তন সাংসদ মধুজাক্ষী গৌৰ আৰু পোন্নাম প্ৰভাকৰৰ নামো আছে প্রাৰ্থীৰ তালিকাত । প্ৰয়াত তেলেগু লোক গায়ক, কবি আৰু নক্সাল ৰাজনীতিৰ প্ৰাক্তন ‘সাংস্কৃতিক কৰ্মী’ গদাৰ ওৰফে গুম্মাদি ভিট্টাল ৰাওৰ কন্যা জি ভি ভেনেলাকো প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছে ।
হায়দৰাবাদৰ বাসিন্দা আজহাৰুদ্দিনে প্ৰায় দুই দশক পূৰ্বে কংগ্ৰেছত যোগদান কৰিছিল। এসময়ৰ জনপ্ৰিয় সোঁহতীয়া বেটছমেন আজহাৰৰুদ্দিনে কংগ্ৰেছৰ টিকটত দুবাৰকৈ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল । ২০০৯ চনৰ লোকসভা নিৰ্বাচনত আজহাৰুদ্দিন উত্তৰ প্ৰদেশৰ মোৰাদাবাদ সমষ্টিৰ পৰা জয়ী হৈছিল। কিন্তু ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ৰাজস্থানৰ টংক-চৱাই মাধোপুৰ পৰা সমষ্টিৰ পৰা প্রতিদ্বন্দিতা কৰি মুখঠেকেছা খাইছিল আজহাৰুদ্দিনে । ২০১৮ চনত, আজহাৰুদ্দিনক তেলেংগানাত কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিছিল ।
সেই বছৰ হায়দৰাবাদৰ পৰা বিধানসভা নিৰ্বাচনত আজহাৰুদ্দিনে প্ৰতিদ্বন্দিতা কৰিব বুলি ব্যাপক চৰ্চা হৈছিল । কিন্তু শেষত, সেইটো নহ’ল। ২০১৯ চনত হায়দৰাবাদ বা চেকেন্দ্ৰাবাদ আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনাক লৈও জল্পনা-কল্পনা চলি আছিল। কিন্তু সেইবাৰো নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা নাছিল আজহাৰুদ্দিনে।