গুজৰাটৰ চুৰাট চহৰত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। শনিবাৰে চুৰাটৰ এটা ঘৰত মৃত অৱস্থাত উদ্ধাৰ হয় একেটা পৰিয়ালৰ ৭ জন সদস্য।
এই তথ্য লাভ কৰাৰ পিছত ঘটনাস্থলত আৰক্ষীৰ এটা দল উপস্থিত হৈ আত্মহত্যাৰ সন্দেহ প্ৰকাশ কৰে। তিনিটা শিশুসহ পৰিয়ালৰ ৭ জন সদস্যৰ মৃতদেহ উদ্ধাৰ হৈছে।
এই গোচৰটো চুৰাটৰ অদজান অঞ্চলৰ এটা এপাৰ্টমেণ্টত সংঘটিত হৈছে। ঘটনাস্থলত উপস্থিত হোৱা আৰক্ষীৰ মতে, আৰ্থিক সংকটৰ সন্মুখীন হোৱাৰ বাবেই পৰিয়ালটোৱে এই ভয়ংকৰ পদক্ষেপ গ্ৰহণ কৰে।
আৰক্ষীয়ে জনোৱা মতে, বিহ সেৱনৰ বাবে ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে এটা মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে। ঘটনাস্থলৰ পৰা আৰক্ষীয়ে এখন ছুইচাইড নোটো উদ্ধাৰ কৰে।
আৰক্ষীৰ শীৰ্ষ বিষয়া আৰ পি বাৰোটে কয় যে আৰক্ষীয়ে মৃত্যুৰ সঠিক কাৰণ জানিবলৈ চেষ্টা চলাই আছে। তেওঁ জনোৱা মতে, ঘৰৰ মুৰব্বী ৩৭ বছৰীয়া মনীষ সোলংকিয়ে ঠিকাদাৰ হিচাপে কাম কৰিছিল, যাৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ হয়।
ঘৰৰ বিচনা আৰু মজিয়াত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে তেওঁৰ পত্নী আৰু পিতৃ-মাতৃৰ লগতে তেওঁৰ তিনিটা সন্তানৰ মৃতদেহ।
আৰ পি বাৰোটে লগতে কয় যে ঘৰৰ পৰা উদ্ধাৰ হোৱা ছুইচাইড নোট অনুসৰি কাৰোবাক ঋণ হিচাপে দিয়া ধন ঘূৰাই নোপোৱাৰ বাবে পৰিয়ালটোৱে আৰ্থিক সংকটৰ সন্মুখীন হৈছিল। যাৰ বাবে পৰিয়ালটোৱে বিচলিত হৈ এই পদক্ষেপ লয়।