পশ্চিম বংগৰ কলকাতাৰ গিৰিশ পাৰ্ক এলেকাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। এটা পানীৰ বটল ক্ৰয় কৰাক লৈ দোকানীৰ সৈতে হোৱা কাজিয়াত এজন যুৱকে প্ৰাণ হেৰুৱাইছে। এই তথ্য প্ৰদান কৰে আৰক্ষীয়ে।
আৰক্ষীয়ে জনোৱা মতে, শুকুৰবাৰে সংঘটিত হয় এই ঘটনাটো। সন্ধিয়া দুজন ভাতৃয়ে এখন চাহৰ দোকানলৈ গৈছিল আৰু তেতিয়াই পানীৰ এটা বটল কিনাক লৈ আৰম্ভ হয় কাজিয়াৰ। তৰ্কাতৰ্কিৰ পিছতেই ভাতৃদ্বয়ে দোকানীজনক আক্ৰমণ কৰে।
এজন আৰক্ষী বিষয়াই কয়, ‘দুয়ো ভাতৃয়ে দোকানীজনক লোহাৰ ৰডেৰে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। তিনিওজনেই পাৰস্পৰিক কাজিয়াত আহত হয়।‘
শনিবাৰে চৰকাৰী এছ এছ কে এম চিকিৎসালয়ত চিকিৎসাৰ সময়ত মৃত্যু ঘটে লেক টাউন অঞ্চলৰ নিবাসী আকাশ প্ৰতাপ কুৰীৰ।
বিষয়াগৰাকীয়ে জনোৱা মতে, এই গোচৰত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে আকাশৰ ভাতৃ চন্দনক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে।
আৰক্ষীয়ে জনোৱা মতে, দুই ভাতৃদ্বয়ৰ এজনৰ মৃত্যু হোৱা বিষয়টোৰ তদন্ত অব্যাহত আছে।