আৰক্ষী থানাত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ; আৰক্ষীসহ পাঁচগৰাকীৰ মৃত্যু

অশান্ত অঞ্চল হিচাপে চিহ্নিত পাকিস্তানৰ বেলুচিস্তান প্ৰদেশস্থিত এখন থানাত সন্ত্ৰাসবাদীয়ে ভয়ংকৰ আক্ৰমণ চলোৱাৰ তথ্য লাভ কৰা গৈছে।

বেলুচিস্তান আৰক্ষীয়ে এই তথ্য প্ৰদান কৰি কয় মঙলবাৰে আৰক্ষী থানাত সংঘটিত আক্ৰমণত এজন আৰক্ষীসহ কমেও পাঁচজন লোক নিহত হোৱাৰ লগতে আন দুজন লোক আহত হয়।

আৰক্ষীয়ে জনোৱা মতে, বেলুচিস্তানৰ তুৰবাট অঞ্চলৰ নাছিৰাবাদ থানাত সংঘটিত হয় এই আক্ৰমণ।

অকস্মাত প্ৰায় ২০জন অস্ত্ৰধাৰী সন্ত্ৰাসবাদীয়ে পুৱাৰ ভাগত এই আক্ৰমণ সংঘটিত কৰে। জিলা আৰক্ষী বিষয়া মহম্মদ বেলুচে এই আক্ৰমণ নিশ্চিত কৰিছে।

তেওঁ কয় যে কনিষ্টবল এছা আৰু হাছানে প্ৰথমে আক্ৰমণকাৰীৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিছিল যদিও এছাক তেওঁলোকৰ হাতত নিহত হয়। একে সময়তে হাছানক বন্দী কৰা হ’ল। কেৱল এয়াই নহয়, আক্ৰমণকাৰীয়ে দুয়োজন আৰক্ষীৰ অস্ত্ৰ-শস্ত্ৰও কাঢ়ি লৈ যায়।

মহম্মদ বেলুচে কয় যে এই আক্ৰমণত নিহত হোৱা চাৰিওজন শ্ৰমিক থানাত নিশা কটাবলৈ অহা।

দৰাচলতে ১৪ অক্টোবৰত চহৰ তুৰবাটত সংঘটিত আক্ৰমণত বন্দুকধাৰীয়ে ছয়জন শ্ৰমিকক হত্যা কৰিছিল। ইয়াৰ পিছতে স্থানীয় কৰ্তৃপক্ষই প্ৰদেশখনৰ বাহিৰৰ পৰা অহা শ্ৰমিকসকলক নিৰাপত্তাৰ পৰিস্থিতিৰ ভাল নোহোৱালৈকে নিশা থানাত থাকিবলৈ কৈছিল।

উল্লেখ্য যে, আজি থানাত হোৱা এই আক্ৰমণৰ দায়িত্ব এতিয়ালৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে লোৱা নাই।

Comments (0)
Add Comment