২০২৩ চনৰ বিশ্বকাপত পাকিস্তান দলৰ প্ৰদৰ্শনত অনুৰাগী অসন্তুষ্ট যদিও দলটোৰ এজন খেলুৱৈয়ে বিশেষ কৃতিত্বৰ অধিকাৰী হ’বলৈ সক্ষম হৈছে। ক্ৰিকেটাৰগৰাকী হ’ল সাম্প্ৰতিক সময়ৰ অন্যতম শ্ৰেষ্ঠ বেগী বলাৰ শ্বাহীন শ্বাহ আফ্ৰিদী।
বাংলাদেশৰ বিৰুদ্ধে প্ৰথমটো উইকেট দখল কৰি শ্বাহীন শ্বাহে নিজৰ নামত এক অভিলেখ গঢ়িবলৈ সক্ষম হয়। শ্বাহীনে তনজীম আহমেদক আউট কৰাৰ লগে লগে এদিনীয়াত ১০০ উইকেট সম্পূৰ্ণ কৰে।
এদিনীয়া ফৰ্মেটত ১০০টা উইকেট দখল কৰা দ্বিতীয়গৰাকী সৰ্বাধিক বেগী বলাৰ হিচাপে পৰিগণিত হয় শ্বাহীন। মিচেল ষ্টাৰ্কৰ অভিলেখ ভংগ কৰিলে শ্বাহীন আফ্ৰিদীয়ে।
৫১ সংখ্যক মেচত শ্বাহীন আফ্ৰিদীয়ে এদিনীয়াত ১০০টা উইকেট সম্পূৰ্ণ কৰে। আনহাতে মিচেল ষ্টাৰ্কে ১০০ উইকেট দখল কৰিবলৈ ৫২খন মেচ খেলিছিল।
ইফালে আফগানিস্তানৰ ৰাছিদ খানৰ নামত আছে সৰ্বাধিক দ্ৰুততম ১০০টা এদিনীয়া উইকেট লোৱাৰ অভিলেখ। মাত্ৰ ৪৪খন মেচতে এই কৃতিত্ব অৰ্জন কৰিছিল ৰছিদে।
২০১৮ চনত আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত অভিষেক ঘটিছিল শ্বাহীন শ্বাহ আফ্ৰিদীৰ।
উল্লেখ্য যে, চলিত বিশ্বকাপত পাকিস্তানৰ প্ৰদৰ্শন অত্যন্ত শোচনীয়। দলটোৱে নেদাৰলেণ্ড আৰু শ্ৰীলংকাক পৰাস্ত কৰিছিল যদিও তাৰ পিছত ভাৰত, অষ্ট্ৰেলিয়াৰ উপৰি আফগানিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হৈছিল।
জয়ৰ লক্ষ্যৰে আজি দলটোৱে নিজৰ সপ্তমখন মেচত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে।