আমেৰিকাত পুনৰ আক্ৰমণৰ বলি হৈছে ভাৰতীয় ছাত্ৰ। দেশখনৰ ইণ্ডিয়ানা প্ৰদেশৰ এটা জিমত ব্যায়াম কৰি থকা সময়তে দুৰ্বৃত্তই ছুৰীৰে আঘাত কৰে ছাত্ৰগৰাকীক।
এই আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা ২৪ বছৰীয়া ছাত্ৰগৰাকীক ফ’ৰ্ট ৱেইনৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত্যু ঘটে।
মৃত্যু হোৱা ছাত্ৰগৰাকীক বৰুণ বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা অনুসৰি, যোৱা দেওবাৰে পুৱা ইণ্ডিয়ানা চহৰৰ ভালপাৰাইছ’ৰ এটা ৰাজহুৱা জিমত জৰ্ডান এণ্ড্ৰাড নামৰ এজন লোকে বৰুণক আক্ৰমণ কৰে।
আক্ৰমণকাৰী জৰ্ডানক পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
আক্ৰমণকাৰী জৰ্ডানৰ ভাষ্য অনুসৰি, ঘটনাৰ দিনা তেওঁ মালিচ গ্ৰহণৰ বাবে মালিচ কক্ষত সোমায় আৰু পৰিচিত এগৰাকী ব্যক্তিৰ পৰা মালিচ লোৱাৰ ইচ্ছা কৰে।
কিন্তু সেই সময়ত উক্ত ব্যক্তিগৰাকী মালিচ কক্ষত উপস্থিত নাছিল আৰু বৰুণৰ আচৰণত অস্বাভাৱিকতা প্ৰত্যক্ষ কৰি বৰুণৰ পৰা সম্ভাব্য ভাবুকিৰ আশংকা কৰে।
এনে আশংকাৰ পৰিণতিতে জৰ্ডানে বৰুণক আক্ৰমণ কৰা বুলি স্বীকাৰ কৰিছে আক্ৰমণকাৰী যুৱকজনে।