আৰক্ষী পৰিদৰ্শক, শ্ৰমিকৰ পিছত এইবাৰ কনিষ্টবলক গুলীয়াই হত্যা উগ্ৰপন্থীৰ

কাশ্মীৰত পুনৰ সংঘটিত হৈছে সন্ত্ৰাসবাদী আক্ৰমণ। মঙলবাৰে জম্মু-কাশ্মীৰৰ বাৰামুল্লাত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে এজন হেড কনিষ্টবলক।

জম্মু-কাশ্মীৰত বিগত তিনিদিনত এইটো তৃতীয়টো টাৰ্গেট হত্যাকাণ্ড। ইয়াৰ পূৰ্বে সন্ত্ৰাসবাদীয়ে এজন শ্ৰমিক আৰু এজন আৰক্ষী পৰিদৰ্শকক গুলীয়াই হত্যা কৰিছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি, হেড কনিষ্টবল গোলাম মহম্মদ ডাৰক মঙলবাৰে বাৰামুল্লা জিলাৰ পট্টন অঞ্চলৰ ক্ৰালপোৰাস্থিত তেওঁৰ বাসগৃহৰ সন্মুখত গুলীয়াই হত্যা কৰে।

গুলীবিদ্ধ হোৱাৰ পিছত গোলাম মহম্মদক সমীপৰ হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও তেওঁৰ তাত মৃত্যু ঘটে।

বিগত তিনিদিনত কাশ্মীৰ উপত্যকাত এইটো তৃতীয়টো সন্ত্ৰাসবাদী আক্ৰমণ। ইয়াৰ পূৰ্বে দেওবাৰে শ্ৰীনগৰত এজন সন্ত্ৰাসবাদীয়ে এজন আৰক্ষী বিষয়াক গুলীয়াই গুৰুতৰভাৱে আহত কৰিছিল।

আনহাতে সোমবাৰে পুলৱামা জিলাত উত্তৰ প্ৰদেশৰ এজন শ্ৰমিকক গুলীয়াই হত্যা কৰা হয়।

তিনিটা ভিন্ন প্ৰান্তত ঘটা এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত জম্মু-কাশ্মীৰ আৰক্ষীয়ে নিৰাপত্তাৰক্ষীসকলক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে। ইফালে সন্দেহজনক স্থানসমূহত বেৰিকেড স্থাপন কৰি বাহনসমূহত তন্ন তন্নকৈ তালাচী চলোৱা হৈছে।

এই সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

Comments (0)
Add Comment