ৰিয়ান পৰাগৰ বেটত ৬ ৰ ধুমুহা । বিশ্বকাপৰ জ্বৰৰ মাজতে অভিলেখৰ উপৰি অভিলেখ ৰিয়ান পৰাগৰ ।
ঘৰুৱা ক্ৰিকেটত ধুমুহা গতিত অভিলেখ গঢ়িছে অসমৰ যুৱ ক্রিকেটাৰ ৰিয়ান পৰাগে ।
এফালে, বিশ্বকাপৰ জ্বৰ আনহাতে, অসমৰ যুৱ ক্রিকেটাৰ ৰিয়ান পৰাগে ৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেট টুৰ্ণামেণ্ট চৈয়দ মুস্তাক আলী ট্ৰফীত ধুমুহাৰ সৃষ্টি কৰিছে । চলিত বৰ্ষৰ আই পি এল ২০২৩ ত শোচনীয়ভাৱে বিফল হোৱা ৰিয়ান পৰাগে মঙলবাৰে মোহালিত বেংগলৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰতিযোগিতাত একেৰাহে সপ্তমটো অৰ্ধশতক অৰ্জন কৰে।
ৰাষ্ট্ৰীয় টি-২০ ৰ ইতিহাসত ৰিয়ান পৰাগ এতিয়া নতুন “ছিক্সাৰ কিং” হিচাপে পৰিগণিত হৈছে ।
মুস্তাক আলী ট্ৰফীত ২০২৩ ত ধাৰাবাহিকভাৱে ছয় আহিছে ৰিয়ান পৰাগৰ বেটৰ পৰা । ৰিয়ান পৰাগে এতিয়ালৈকে খেলা ৮ খন খেলৰ একেটা ইনিংছত ৩৯ টা ছয় সংগ্ৰহ কৰিছে । ৰিয়ান পৰাগৰ পাছত আছে বিহাৰৰ অভিষেক শৰ্মা (৩২) আৰু বি কে সৌৰভ (২৮ টা ছয়)।
উল্লেখ্য যে, ৰিয়ান পৰাগে ২০২২-২৩ ঘৰুৱা ছিজনত অৰ্থাৎ যোৱা ছিজনৰ পৰা মুঠ ১২৪ টা ছয় সংগ্ৰহ কৰিছে। ৰঞ্জী ট্ৰফী, বিজয় হাজাৰে, চৈয়দ মুস্তাক আলী ট্ৰফী, দেওধৰ আৰু দুলীপ ট্ৰফীত ৰিয়ানৰ বেটত সৃষ্টি হৈছে ৬ ৰ বৰষুণ ।