এদিনীয়া বিশ্বকাপৰ সমান্তৰালকৈ চলি আছে দেশৰ অন্যতম সন্মানীয় ঘৰুৱা ক্ৰিকেট টুৰ্ণামেন্ট ছৈয়দ মুস্তাক আলী ট্ৰফী। প্ৰায় অন্তিম পৰ্যায়ত উপনীত হোৱা টুৰ্ণামেণ্টখন সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে অসমৰ প্ৰতিভাৱান ক্ৰিকেটাৰ ৰিয়ান পৰাগ।
প্ৰতিযোগিতাখনত ইতিমধ্যেই অসমক নেতৃত্ব প্ৰদান কৰা ৰিয়ানে গঢ়িছে বিশ্ব অভিলেখ। টি-২০ ক্ৰিকেটত একেৰাহে ৭টা অৰ্ধশতক অৰ্জন কৰা বিশ্বৰ একমাত্ৰ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে ৰিয়ান।
তেওঁৰ দুৰ্দান্ত প্ৰদৰ্শনৰ ভিত্তিতে অসমে ১৪ বছৰৰ মূৰত সন্মানীয় প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।
মঙলবাৰে প্ৰতিযোগিতাখনৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত অসমে পশ্চিম বংগক ৮ উইকেটত পৰাস্ত কৰে। এই মেচখনতো ৰিয়ানে মাত্ৰ ৩১টা বলত ৫০ ৰানৰ বিস্ফোৰক ইনিংছ খেলে। একে সময়তে দুটাকৈ উইকেটো লাভ কৰে।
ৰিয়ানৰ এই প্ৰদৰ্শনত দেশৰ ক্ৰিকেট বিশেষজ্ঞৰ লগতে অনুৰাগীসকল যথেষ্ট উৎফুল্লিত হৈ পৰিছে যদিও অসমীয়া ক্ৰিকেটাৰৰ এই উত্থানক যেন সহজভাৱে ল’ব পৰা নাই একাংশ প্ৰাক্তন ক্ৰিকেটাৰে।
কালিৰ মেচখনত ৰিয়ানৰ দুৰ্দান্ত বেটিং অব্যাহত থকাৰ সময়ত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা মেচখনৰ ধাৰাভাষ্যকাৰ অশোক মলহোত্ৰাই অসম সন্দৰ্ভত চুড়ান্ত অপমানসূচক মন্তব্য কৰা দেখা যায়।
মেচখনত ৰিয়ানে অৰ্ধশতক অৰ্জন কৰা সময়ত ধাৰাভাষ্যকাৰ মলহোত্ৰাই ‘অসমীয়াসকল দ্বিতীয় শ্ৰেণীৰ নাগৰিক’ বুলি মন্তব্য কৰে।
প্ৰাক্তন ক্ৰিকেটাৰ তথা ধাৰাভাষ্যকাৰগৰাকীৰ এই মন্তব্যই প্ৰকৃততে অসমীয়াসকলৰ প্ৰতি থকা থকা তেওঁলোকৰ ঘৃণা ভাৱকে সূচায়।
ইফালে অসমীয়াসকলক কৰা এই চূড়ান্ত অপমানৰ পিছত অসমৰ বহু ক্ৰিকেট অনুৰাগীৰ লগতে সচেতন লোকসকলে ধাৰাভাষ্যকাৰ অশোক মলহোত্ৰাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে।
জানিব পৰা মতে, অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে ধাৰাভাষ্যকাৰ গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে বিচিচিআইলৈ মেইলযোগে পত্ৰ প্ৰেৰণ কৰিছে।
এই বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে ধাৰাভাষ্যকাৰ অশোক মলহোত্ৰাই এক্সৰ জৰিয়তে অসমবাসীৰ ওচৰত ক্ষমা খোজা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে, ৰিয়ান পৰাগে চলিত মুস্তাক আলী ট্ৰফীত একেৰাহে বিহাৰ, চাৰ্ভিচেছ, ছিকিম, চণ্ডীগড়, হিমাচল প্ৰদেশ, কেৰালা আৰু পশ্চিমবংগৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰি ইতিহাস ৰচিছে।
প্ৰতিযোগিতাখনত এই পৰ্যন্ত ৪৯০ ৰানেৰে সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ শীৰ্ষত আছে ৰিয়ান। সমান্তৰালকৈ বলিঙতো তেওঁ চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই ১০ৰো অধিক উইকেট লাভ কৰিছে।
বেটিং-বলিং উভয়তে জিলিকি উঠা ৰিয়ানৰ এই প্ৰদৰ্শনৰ বাবে ভাৰতীয় জাতীয় দলত স্থান লাভ কৰাৰ সম্ভাৱনাও উজ্বল হৈ উঠিছে।