লোকসভা নিৰ্বাচনৰ পূৰ্বে চলিত মাহত হ’বলগীয়া ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ এক্সিট প’ল সন্দৰ্ভত দেশৰ নিৰ্বাচন আয়োগৰ ডাঙৰ সিদ্ধান্ত। মঙলবাৰে নিৰ্বাচন আয়োগে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰে । ৭ নবেম্বৰৰ পুৱা ৭ বজাৰ পৰা ৩০ নবেম্বৰৰ সন্ধিয়া ৬ বজালৈ কোনো প্রতিষ্ঠানে কোনো মাধ্যমৰ জৰিয়তে এক্সিট প’ল প্রচাৰ কৰিব নোৱাৰিব । এইক্ষেত্রত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে দেশৰ নিৰ্বাচন আয়োগে । এক্সিট প’ল চলোৱা আৰু প্রচাৰ কৰাৰ ক্ষেত্রত ছপা , ডিজিটেল আৰু ইলেক্ট্ৰনিক মাধ্যমক নিষেধাজ্ঞা আৰোপ চৰকাৰৰ ।
এই বাধা উলংঘা কৰিলে কি হ’ব ?
যদি কোনো ব্যক্তি বা প্রতিষ্ঠানে এই বাধা উলংঘা কৰে তেনে ব্যক্তিক দুবছৰ পৰ্যন্ত কাৰাদণ্ড বিহাৰ লগতে জৰিমনা ভৰিব লাগিব বুলি উল্লেখ আছে নিৰ্বাচন আয়োগে জাৰি কৰা অধিসূচনাত ।
কোন ৰাজ্যত কোন তাৰিখে নিৰ্বাচন :
অহা ৭ নবেম্বৰত মিজোৰাম বিধানসভাৰ ৪০ খন আসনৰ লগতে চত্তীশগড় বিধানসভাৰ প্রথম পৰ্যায়ৰ ২০ খন আসনৰ বাবে ভোটগ্ৰহণ হ’ব । ১৭ নবেম্বৰত চত্তীশগড় বিধানসভাৰ ৭০ খন আসনৰ বাবে ২য় পৰ্যায়ৰ ভোটগ্ৰহণ আৰু মধ্যপ্রদেশ বিধানসভাৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । ২৫ নবেম্বৰত ৰাজস্থান বিধানসভা আৰু ৩০ নবেম্বৰত তেলেংগানা বিধানসভাৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । অহা ৩ ডিচেম্বৰৰ পুৱাৰ পৰা আৰম্ভ হ’ব ৫ ৰাজ্যৰ ভোটগণনা ।
কিমান ভোটাৰ আছে ৫ ৰাজ্যৰ নিৰ্বাচনত :
আগন্তুক লোকসভা নিৰ্বাচনৰ ছেমি ফাইনেল হিচাপে পৰিচিত এই ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ১৬ কোটি ভোটাৰে ভোটদানৰ যোগ্যতা অৰ্জন কৰিছে বুলি উল্লেখ কৰিছে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তই ।