ইজৰাইলৰ হৈ যুদ্ধ কৰি থকা ভাৰতীয় মূলৰ ২০ বছৰীয়া যুৱকৰ মৃত্যু

প্ৰায় এমাহৰ পৰা চলি আছে ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধ। দুয়ো পক্ষই চলাই আছে তীব্ৰ আক্ৰমণ। এতিয়ালৈকে এই যুদ্ধত হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে।

শেহতীয়াকৈ ভাৰতীয় মূলৰ এজন ২০ বছৰীয়া ইজৰাইলী জোৱানৰ এই যুদ্ধত মৃত্যু হৈছে। ইজৰাইলৰ চহৰ ডিমোনাৰ মেয়ৰ বেনি বিট্টনে এই তথ্য দিয়ে।

মেয়ৰ বেনি বিট্টনৰ মতে, জোৱানজনৰ নাম ষ্টাফ চাৰ্জেণ্ট হেলেল ছোলেমন বুলি চিনাক্ত কৰা হৈছে। তেওঁ দক্ষিণ ইজৰাইলৰ ডিমোনা চহৰৰ আছিল।

বুধবাৰে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি মেয়ৰে কয় যে আমি অতি দুখৰ সৈতে জনাইছো যে গাজাৰ যুদ্ধৰ সময়ত ডিমোনাৰ বাসিন্দা হেলেল ছোলেমনৰ মৃত্যু হৈছে।

ইয়াৰ লগতে বেনি বিট্টনে নিজৰ পোষ্টত হেলেল ছলমনৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ লিখিছে যে এই দুখৰ মুহূৰ্তত তেওঁলোকৰ দুখত সমভাগী হৈছো।

তেওঁৰ পোষ্টত তেওঁ কৈছিল যে হালেলৰ সেৱা কৰাৰ ইচ্ছা আছিল, সেইবাবেই তেওঁ গিভাটি (ব্ৰিগেড)ত যোগদান কৰিছিল। হালেল এজন নিষ্ঠাবান পুত্ৰ আছিল আৰু সমগ্ৰ ডিমোনা চহৰখনে তেওঁৰ মৃত্যুত দুখী আৰু শোক প্ৰকাশ কৰিছে।

উল্লেখ্য যে হামাছ আৰু ইজৰাইলৰ এই যুদ্ধত সাধাৰণ নাগৰিকৰ লগতে বহু ইজৰাইল সৈনিকৰ মৃত্যু হৈছে।

আনহাতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ইয়াক যন্ত্ৰণাদায়ক বুলি অভিহিত কৰি বিজয়ৰ আগলৈকে যুদ্ধ চলি থাকিব বুলি হুংকাৰ প্ৰদান কৰি থৈছে।

যোৱা ৭ অক্টোবৰত হামাছে ইজৰাইলক আক্ৰমণ কৰাৰ পিছৰে পৰি চলি থকা এই যুদ্ধত এই পৰ্যন্ত দুয়ো পক্ষৰ হাজাৰ হাজাৰ লোকৰ মৃত্যু ঘটিছে।

Comments (0)
Add Comment