উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ ED ৰ বিষয়া ।

১৫ লাখ টকাৰ উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ ED ৰ বিষয়া। অভিযুক্ত বিষয়াজনৰ নাম নৱল কিশোৰ মীনা। ৰাজস্থানৰ ED ৰ বিষয়াজনৰ সহযোগী বাবু লালকো আটক কৰিছে ৰাজস্থানৰ দুৰ্নীতি বিৰোধী গোট এ, চি, বি য়ে ।
জানিবপৰা মতে, খৈৰথাল তিজাৰাৰ মুণ্ডাৱাৰত অভিযোগকাৰীৰ পৰা ১৫ লাখ টকা গ্ৰহণ কৰাৰ সময়ত ইডি বিষয়া নৱল কিশোৰ মীনা আৰু তেওঁৰ সহযোগী বাবুলাল মীনাক গ্ৰেপ্তাৰ কৰে ।
এচিবিৰ অতিৰিক্ত সঞ্চালক প্ৰধান হেমন্ত প্ৰিয়দৰ্শীয়ে কয় যে, যে অভিযোগকাৰীয়ে এচিবিৰ জয়পুৰ গোটৰ ওচৰত অভিযোগ দাখিল কৰিছিল যে ইডিয়ে এটা গোচৰ নিষ্পত্তি কৰাৰ পৰিৱৰ্তে ১৭ লাখ টকাৰ উৎকোচ দাবী কৰি নৱল কিশোৰ মীনাই হাৰাশাস্তি কৰি আছিল অভিযোগকাৰীক ।


ইডি বিষয়া গৰাকীয়ে এজন মধ্যস্থতাকাৰীৰ জৰিয়তে ১৫ লাখ টকাৰ উৎকোচ দাবী কৰিছিল।
উল্লেখ্য যে, ইডিয়ে ৰাজস্থান প্রদেশ কংগ্ৰেছৰ নেতা গোবিন্দ সিং দোতাচৰাৰ চৌহদত অভিযান চলাইছিল। অনুসন্ধানৰ সময়ত, ইডিয়ে তেওঁৰ দুই পুত্ৰৰ বিৰুদ্ধে কিছু তথ্যৰ সন্ধান লাভ কৰিছিল । ইয়াৰ পাছত, ১ নৱেম্বৰত, ইডিয়ে দোতাচৰাৰ দুই পুত্ৰক চমন জাৰি কৰে। অভিলাষ দোতাচাৰাক ৭ নৱেম্বৰত দিল্লীৰ মুখ্য কাৰ্যালয়ত আৰু ৮ নৱেম্বৰত অবিনাশ দোতাচাৰাক সোধা-পোছাৰ বাবে হাজিৰ হ’বলৈ কয় । ইয়াৰ এদিন পাছত অৰ্থাৎ ২ নৱেম্বৰত জয়পুৰত এচিবিয়ে ইডি বিষয়াজনক গ্ৰেপ্তাৰ কৰে।
ইফালে, ইডিয়ে মুখ্যমন্ত্ৰী অশোক গেহলটৰ পুত্ৰ বৈভৱকো সোধা-পোছাৰ বাবে চমন জাৰি কৰিছিল।

Comments (0)
Add Comment