চমন জাৰি কৰাৰ পাছতো কেজৰিৱাল আজি কিয় নগ’ল ED ৰ কাৰ্যালয়লৈ ? ISHAN NEWS…

দিল্লীৰ আৱকাৰী নীতি সন্দৰ্ভত সোধা-পোছাৰ বাবে আজি তদন্তকাৰী সংস্থা ED ৰ মুখ্য কাৰ্যালয়ত উপস্থিত নহয় দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল । আপৰ সূত্র মতে, আগন্তুক বিধানসভা নিৰ্বাচনৰ প্রচাৰৰ বাবে আজি কেজৰিৱাল পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মানৰ সৈতে মধ্যপ্রদেশলৈ ৰাওনা হ’ব । উল্লেখ্য যে, বুধবাৰে, দিল্লীৰ মন্ত্ৰী তথা আপৰ নেতা আতিশীয়ে অভিযোগ কৰিছিল যে ইডিয়ে কেজৰিৱালক সোধা-পোছাৰ বাবে মাতি নি গ্ৰেপ্তাৰৰ পৰিকল্পনা কৰিছে।

যোৱা ৩০ অক্টোবৰত ED য়ে চমন জাৰি কৰিছিল কেজৰিৱাললৈ । ২ নবেম্বৰত কেজৰিৱালক সোধা-পোছাৰ বাবে EDৰ মুখ্য কাৰ্যালয়ত উপস্থিত থাকিবলৈ জাননী প্ৰেৰণ কৰিছিল। এই সন্দৰ্ভত ED লৈ প্ৰেৰণকৰা পত্রত কেজৰিৱালে, ED য়ে তেওঁলৈ প্ৰেৰণ কৰা জাননী অবৈধ আৰু উদ্দেশ্য প্রণোদিত বুলি উল্লেখ কৰে । লগতে বিজেপিৰ নিৰ্দেশত ED য়ে এই জাননী প্ৰেৰণ কৰা বুলি কয় কেজৰিৱালে । পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্রচাৰত কেজৰিৱাল যাতে উপস্থিত থাকিব নোৱাৰে তাৰবাবে এই ব্যৱস্থা কৰিছে বিজেপিয়ে ।

দিল্লীৰ সুৰা নীতিৰ গোচৰত এপ্ৰিল মাহত CBI য়ে কেজৰিৱালক প্রায় চাৰে ৯ ঘণ্টা জেৰা কৰিছিল । এই গোচৰত বৰ্তমান কাৰাগাৰত আছে দিল্লীৰ প্রাক্তন উপ মুখ্যমন্ত্রী মনীষ চিছোডিয়া আৰু আপৰ সাংসদ সঞ্জয় সিং ।

ৰাজঘাটত নিৰাপত্তা বেহু :

আজি পুৱা কেজৰিৱাল ED ৰ মুখ্য কাৰ্যালয়লৈ যাব বুলি ওলোৱা খবৰৰ মাজতে দিল্লী বিধানসভাৰ অধ্যক্ষ ৰামনিবাস গোৱেল অৰবিন্দ কেজৰিৱালৰ বাসগৃহত উপস্থিত হৈ কেজৰিৱালক সাক্ষাৎ কৰে । কেজৰিৱাল আজি পুৱা ৰাজঘাটলৈ যোৱাৰ সম্ভাৱনা আছিল । সেয়েহে ৰাজঘাটত আৰক্ষী মোতায়েন কৰিছিল ।

Comments (0)
Add Comment