হিমাচল প্ৰদেশৰ মাণ্ডী জিলাত এখন পিক-আপ ভ্যান দ খাৱৈত বাগৰি পৰাত তিনিগৰাকী মহিলাসহ চাৰিজন লোকৰ মৃত্যু হয়। বুধবাৰে সন্ধিয়া সংঘটিত এই ঘটনাটোত ৭জন লোক আহত হয়।
লাগধৰৰ পৰা কোটলিলৈ যোৱা গাড়ীখনত দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ১১ জন লোক আছিল বুলি আৰক্ষীয়ে জনায়।
আৰক্ষীয়ে জনোৱা মতে, মাণ্ডীৰ পৰা প্ৰায় ২৬ কিলোমিটাৰ নিলগৰ কোটলিৰ ঘনয়াৰাৰ সমীপত গাড়ীখন দুৰ্ঘটনাত পতিত হয়। বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি উভতি অহাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়।
মৃত লোকসকলৰ ভিতৰত তিনিজনক ক্ৰমে চিন্তা দেৱী, চন্দ্ৰ দেৱী আৰু মষ্ট ৰাম বুলি চিনাক্ত কৰাৰ বিপৰীতে এগৰাকী মহিলাক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।
ইফালে আহত লোকসকলক মণ্ডীৰ জোনেল হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
মণ্ডীৰ সহকাৰী আৰক্ষী অধীক্ষক সাগৰ চান্দে কয় যে ভাৰতীয় দণ্ডবিধিৰ ২৭৯, ৩৩৭, ৩৩৮ আৰু ৩০৪ এ ধাৰাত চালকজনৰ বৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
চালকজনৰ গাফিলতিৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলিও মন্তব্য কৰিছে আৰক্ষীয়ে।