প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে হিংসা; ৪ গৰাকী লোকক হত্যা

অহা ৭ নৱেম্বৰত অনুষ্ঠিত হ’ব ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ত মাও এলেকাধীন বস্তৰ সংমণ্ডলৰ ১২খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

নিৰ্বাচনৰ পূৰ্বে বিভিন্ন অঞ্চলত আতংকৰ সৃষ্টি কৰিছে নক্সালবাদীয়ে। সোমবাৰে নিশা কাংকেৰ নাৰায়ণপুৰ সীমান্ত এলেকা আৰু গাড়চিৰোলি (এম এইচ) জিলাৰ ত্ৰাইজংচনৰ সমীপত মাওবাদীয়ে ৩ জন লোকক হত্যা কৰে।

ইফালে বিজাপুৰতো এজন গাঁৱৰ লোকক হত্যা কৰা হৈছে।

কাংকেৰত হত্যা কৰা আটাইকেইজন লোক মোৰখাণ্ডি গাঁৱৰ বাসিন্দা। কাংকেৰৰ পৰা প্ৰায় ১৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত মোৰখাণ্ডি গাঁও।

নিহতসকলৰ ভিতৰত আছে ৩৫ বছৰীয়া কুল্লে কাটলামী, ২২ বছৰীয়া মনোজ কোভাচি, ২৭ বছৰীয়া ডুগ্গে কোভাচি।

এতিয়ালৈকে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আৰক্ষীয়ে আনুষ্ঠানিক মন্তব্য দিয়া নাই যদিও গাঁওবাসীয়ে মৃতদেহ কেইটা লৈ ছোটে বেটিয়া থানাত উপস্থিত হৈছে।

কাংকেৰৰ আৰক্ষী অধীক্ষক দিব্যাং পেটেলে এই সমগ্ৰ বিষয়টোৰ তদন্ত চলি থকা বুলি জানিব দিয়ে।

ইফালে বিজাপুৰৰ গালগাম গাঁৱৰ মুচাকী লিংগা নামৰ এজন ব্যক্তিকো ৰছীৰে ডিঙি চেপি হত্যা কৰা হৈছে। হত্যাকাণ্ডৰ পিছতে নড়পল্লী আৰু গালগাম গাঁৱৰ মাজৰ পথৰ দাঁতিত পেলাই দিয়া হয় মৃতদেহটো।

আৰক্ষীক তথ্য প্ৰদান কৰি অহাৰ অভিযোগ তুলি নক্সালবাদীয়ে এই হত্যা কৰিছে বুলি জানিব পৰা গৈছে।

নিৰ্বাচনৰ পূৰ্বে তথা নিৰ্বাচনৰ সময়ত যাতে পৰিস্থিতিৰ আৰু অধিক অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান মাও অধ্যুষিত অঞ্চল সমূহত অনুসন্ধান অভিযান তীব্ৰতৰ কৰি তোলা হৈছে।

Comments (0)
Add Comment