শুকুৰবাৰে পুৱা মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ মহাড এম আই ডি চিত অৱস্থিত ব্লু জেট হেল্থকেয়াৰ লিমিটেড কোম্পানীত এক বৃহৎ বিস্ফোৰণৰ ফলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত ৪ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন ৩ জন শ্ৰমিক আহত হয়।
আহত শ্ৰমিক তিনিজনক মহাড গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইফালে এই ঘটনাত ১১ জন শ্ৰমিক কোম্পানীটোৰ ভিতৰত আৱদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ মতে, শ্ৰমিকসকলে মহাড এম আই ডি চিস্থিত ব্লু জেট হেল্থকেয়াৰ লিমিটেড কোম্পানীত কাম কৰি থকা সময়তে হঠাৎ বিস্ফোৰণ হয় আৰু লগে লগে কোম্পানীটোত জুই লাগে।
অগ্নিকাণ্ড সংঘটিত হোৱাৰ উপৰি কোম্পানীটোৰ পৰা বিষাক্ত গেছ লিক হ’বলৈ ধৰিলে। ইয়াৰ বাবে কোম্পানীটোৰ শ্ৰমিকসকলে উশাহ-নিশাহ লোৱাত অসুবিধাৰ সন্মুখীন হোৱাত চাৰিজনে মৃত্যুক আকোৱালি লোৱাৰ বিপৰীতে ৩গৰাকী শ্ৰমিক গুৰুতৰভাৱে অসুস্থ হৈ পৰে।
অগ্নিনিৰ্বাপক বাহিনীৰ লোকে কোম্পানীটোৰ পৰা আন শ্ৰমিকসকলক নিৰাপদে উদ্ধাৰ কৰে যদিও ১১ জন শ্ৰমিক এতিয়াও আৱদ্ধ হৈ আছে।
অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই নিৰ্বাপন কৰি আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ সন্ধান তথা উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।