উদ্বেগজনকভাৱে বৃদ্ধি পাইছে নিবনুৱাৰ হাৰ। বিগত দুবছৰৰ ভিতৰত অক্টোবৰত নিবনুৱাৰ হাৰ সৰ্বাধিক হৈছে। ছেপ্তেম্বৰ মাহৰ তুলনাত প্ৰায় ৩ শতাংশ বৃদ্ধি হৈ অক্টোবৰ মাহত নিবনুৱাৰ হাৰ ১০.০৯ শতাংশ হৈছে।
চেণ্টাৰ ফৰ মণিটৰিং ইণ্ডিয়ান ইকনমি চমুকৈ চিএমআইইৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।
উল্লেখ্য যে, ছেপ্তেম্বৰ মাহত দেশৰ নিবনুৱাৰ হাৰ আছিল ৭.০৯ শতাংশ। অক্টোবৰ মাহত বৃদ্ধি হৈ এই হাৰ হৈছে ১০.৯ শতাংশ।
ইয়াৰে গ্ৰামাঞ্চলত নিবনুৱাৰ হাৰ ১০.৮২ শতাংশ আৰু চহৰাঞ্চলত হাৰ ৮.৪৪ শতাংশ। ছেপ্তেম্বৰ মাহত গ্ৰামাঞ্চলত নিবনুৱাৰ হাৰ আছিল ৬.২ শতাংশ আৰু চহৰাঞ্চলত হাৰ প্ৰায় স্বাভাৱিক।
চৰকাৰীভাৱে মাহিলী ভিত্তিত শ্ৰম বজাৰৰ তথ্যৰ ভিত্তিত এই প্ৰতিবেদন যুগুতোৱা হৈছে। দেশৰ প্ৰায় প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত নিবনুৱাৰ হাৰ বৃদ্ধিয়ে চিন্তিত কৰি তুলিছে সচেতন মহলক।
ইফালে চিএমআইইৰ প্ৰতিবেদনৰ উপৰি কেন্দ্ৰীয় চৰকাৰে নিজাববীয়াকৈ চলোৱা সমীক্ষাত ১৫ বছৰৰ পৰা ৩৪ বছৰলৈকে ৩৬ শতাংশ ভাৰতীয় নিবনুৱা হৈ আছে।
স্নাতক আৰু ইয়াতকৈ ঊৰ্ধ্ব শিক্ষিত ৪০ শতাংশ লোক সংস্থাপনহীনতাত ভোগাৰ বিপৰীতে অশিক্ষিত লোকৰ ভিতৰত ২৭ শতাংশই সংস্থাপনৰ বাবে হাহাকাৰ কৰি আছে।
উল্লেখ্য যে, বছৰি লাখ-লাখ ডিগ্ৰীধাৰী ওলাই থকাৰ পিছত সেই শিক্ষিত যুৱচামৰ বাবে সংস্থাপনৰ অভাৱে ভয়াৱহ ভৱিষ্যতৰ ইংগিত প্ৰদান কৰিছে।