বিশ্বকাপত এই দলটোৰ নামত পঞ্জীয়ন হ’ল লজ্জাজনক অভিলেখ

ভাৰতত চলি থকা এদিনীয়া বিশ্বকাপৰ এখন মেচ আজি লক্ষ্ণৌত নেদাৰলেণ্ড আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হৈ আছে। আজিৰ এই মেচখনতে এটা দলৰ নামত পঞ্জীয়ন হ’ল এটা লজ্জাজনক অভিলেখ।

লক্ষ্ণৌৰ একনা ক্ৰিকেট ষ্টেডিয়ামত আফগানিস্তানৰ বিৰুদ্ধে বিশ্বকাপৰ খেলখনত নেদাৰলেণ্ডৰ অধিনায়ক স্কট এডৱাৰ্ডে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।

এই দলটোৱে ২০ অ’ভাৰৰ পূৰ্বে ৪টা উইকেট হেৰুৱাইছিল। অ’পেনাৰ মেক্স অডাউডে সৰ্বাধিক ৪২ ৰান সংযোজন কৰে। ১৮.৪ অভাৰৰ অন্ততহে দলটোৱে ৪ উইকেটত ৯২ ৰান সংগ্ৰহ কৰে।

ইফালে ২০২৩ বিশ্বকাপত প্ৰথম ২০ অভাৰত সৰ্বাধিক উইকেট হেৰুওৱা দলত পৰিণত হৈছে নেদাৰলেণ্ড। এই আই চি চি টুৰ্ণামেণ্টৰ প্ৰথম ২০ অ’ভাৰত সৰ্বাধিক ৩০ টা উইকেট হেৰুৱাইছে দলটোৱে। এই তালিকাৰ দ্বিতীয় স্থানত আছে বৰ্তমানৰ চেম্পিয়ন ইংলেণ্ড।

প্ৰথম ২০ অ’ভাৰত ইংলেণ্ডে ২৬টা উইকেট হেৰুৱাইছে। বাংলাদেশো ইংলেণ্ডৰ সমতুল্য। ইয়াৰ পাছতে শ্ৰীলংকা, যিয়ে চলিত প্ৰতিযোগিতাত প্ৰথম ২০ অ’ভাৰত ২৩টা উইকেট হেৰুৱাইছে।

উল্লেখ্য যে, ৬খন মেচৰ ভিতৰত ২খন খেলত জয়লাভ কৰি ৪ পইণ্টেৰে ৮ম স্থানত আছে নেদাৰলেণ্ড। আফগানিস্তানে ৬ খন খেলৰ ভিতৰত ৩ খন খেলত জয়লাভ কৰিছে আৰু এই দলটো ষষ্ঠ স্থানত আছে।

Comments (0)
Add Comment