অসমতো হ’ব নেকি বৰ ভূঁইকঁপ । বিজ্ঞানীয়ে কি কয় ?

শুকুৰবাৰে নিশা নেপালক ৬.৪ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যোৱাৰ লগতে এই ভূমিকম্পৰ মৃদু জোকাৰণি অনুভুত হয় দিল্লী, উত্তৰ প্ৰদেশ আৰু বিহাৰকে ধৰি উত্তৰ ভাৰতৰ বৃহৎ অংশত ।

হিমালয় অঞ্চলত সঘনাই ভূমিকম্প অনুভুত হোৱাৰ কাৰণ কি ?

বিজ্ঞানী সকলৰ মতে, হিমালয়ৰ অন্তৰ্ভাগত সক্রিয় হৈ পৰিছে ভূমিকম্পৰ বেল্ট । ইয়াৰ ফলত ইণ্ডিয়ান প্লেট আৰু ইউৰেচিয়ান প্লেটৰ মাজত সংঘৰ্ষৰ সম্ভাৱনা বৃদ্ধি পাইছে ।কাৰণ ইণ্ডিয়ান প্লেটখন ক্ৰমান্বয়ে উত্তৰদিশে গতি কৰিআছে । ইয়াৰ ফলত ইউৰেচিয়ান প্লেটৰ সৈতে ইণ্ডিয়ান প্লেটৰ সংঘৰ্ষৰ সম্ভাৱনা বৃদ্ধি পাইছে ।

সংঘৰ্ষ হ’লে কি হ’ব ? অসমতো হ’ব নেকি বৰ ভূঁইকঁপ।

ইণ্ডিয়ান প্লেট আৰু ইউৰেচিয়ান প্লেটৰ মাজত সংঘৰ্ষ হ’লে যিকোনো মুহূৰ্তত হিমালয় অঞ্চলত হ’ব বৰ ভূঁইকঁপ। ইতিমধ্যে অতি ভূমিকম্প প্রবণ অঞ্চল হিচাপ চিনাক্ত হোৱা অসমতো হ’ব পাৰে বৰ ভূঁইকঁপ ।

বিজ্ঞানীয়ে কি কয়?

এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ভূকম্পন বিশেষজ্ঞ অজয় পালে কয় যে, নেপালৰ ভূ গৰ্ভত অত্যন্ত সক্ৰিয় অৱস্থাত আছে ভূমিকম্পৰ বেল্ট । গতিকে নেপালৰ আৱাসীসকল সাৱধান হ’ব লাগিব। শুক্ৰবাৰে নেপালত হোৱা ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল নেপালৰ ডটি জিলাৰ ওচৰত । ২০২২ চনৰ নৱেম্বৰ মাহত একেটা অঞ্চলতে ভূমিকম্প হৈছিল ৬.৩ প্ৰাবল্যৰ । অক্টোবৰৰ ৩ তাৰিখেও, নেপালৰ সেই একেটা অঞ্চলতে কেইবাটাও কম্পন অনুভুত হয় ।

ইতিহাস আৰু ভৱিষ্যতৰ শংকা :

প্ৰায় চাৰিৰ পৰা পাঁচ নিযুত বছৰ আগতে, ইণ্ডিয়ান প্লেট আৰু ইউৰেচিয়ান প্লেটৰ সংঘৰ্ষৰ ফলত হিমালয় পৰ্বতমালা গঠন হৈছিল। সেই অঞ্চলত ইণ্ডিয়ান প্লেটৰ উত্তৰ দিশৰ চলাচল এতিয়াও অব্যাহত আছে । গতিকে অঞ্চলটোত প্ৰায়ে মৃদু কম্পন অনুভুত হয়। বিজ্ঞানীসকলৰ মতে, ইণ্ডিয়ান প্লেটৰ কাৰ্যকলাপৰ ফলত ইউৰেচিয়ান প্লেটত সৃষ্টি হোৱা চাপে ভৱিষ্যতৰ দিনবোৰত এক বৃহৎ ভূমিকম্পৰ ৰূপ লোৱাৰ সম্ভাৱনা ক্রমাৎ বৃদ্ধি পাইছে । ৰিখটাৰ স্কেলত, এই ভূমিকম্পৰ প্রাবল্য আঠতকৈ অধিক হ’ব পাৰে। বিশেষজ্ঞসকলে হিমালয়ৰ পাদদেশত থকা লোক সকলক সাৱধান হ’বলৈ পৰামৰ্শ আগবঢ়াইছে।

Comments (0)
Add Comment