আঘাতৰ বাবে হাৰ্দিক পাণ্ডিয়া বিশ্বকাপৰ পৰা বাহিৰ হ’ব লগা হয় । অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়া বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰাৰ পাছতেই সামাজিক মাধ্যমত আবেগিক পোষ্ট পাণ্ডিয়াৰ ।
শনিবাৰে পুৱা হাৰ্দিক পাণ্ডিয়াই সামাজিক মাধ্যমত লিখিছিল, “মই কল্পনাও কৰিব নোৱাৰো যে মই এই বিশ্বকাপত পুনৰ খেলিব নোৱাৰিম। কিন্তু মই দলটোৰ সৈতে আছো। মই প্ৰতিখন খেল, প্ৰতিটো বলৰ বাবে চিঞৰিম।
সকলোৱেই মোৰ বাবে প্ৰাৰ্থনা কৰিছিল। আপোনালোক সকলোকে ধন্যবাদ। এই দলটোৰ সকলোকে গৌৰৱান্বিত কৰাৰ ক্ষমতা আছে। মোৰ ফালৰ পৰা সকলোলৈকে মৰম আৰু শুভেচ্ছা “।
উল্লেখ্য যে, বাংলাদেশৰ বিৰুদ্ধে খেলি থাকোতে হাৰ্দিক পাণ্ডিয়া আঘাতপ্ৰাপ্ত হৈছিল। আঘাতৰ পাছত পাণ্ডিয়াক বাংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীলৈ প্ৰেৰণ কৰা হৈছিল। সকলোৱে আশা কৰিছিল হাৰ্দিক পাণ্ডিয়া ছেমি ফাইনেলত পুনৰ খেলপথাৰলৈ উভতি আহিব । কিন্তু শনিবাৰে ভাৰতীয় বোৰ্ডে ঘোষণা কৰে যে হাৰ্দিকে এই বছৰৰ বিশ্বকাপত খেলিব নোৱাৰিব। প্ৰসিদ্ধ কৃষ্ণক পাণ্ডিয়াৰ স্থানত দললৈ অনা হৈছে ।
প্ৰসিদ্ধই ভাৰতৰ হৈ ১৭ খন এদিনীয়া মেচ খেলিছে। প্রসিদ্ধৰ নামত আছে ২৯ টা উইকেট। ২৭ বছৰীয়া যুৱকজনে ২০২১ চনত আত্মপ্ৰকাশ কৰিছিল। ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত খেলখনত ৪ টা উইকেট লৈছিল । বিশ্বকাপৰ পূৰ্বে প্রসিদ্ধ কৃষ্ণই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ হৈ এদিনীয়া ক্ৰিকেট খেলিছিল। আঘাতৰ বাবে দীৰ্ঘদিন ধৰি খেলিব পৰা নাছিল প্রসিদ্ধই। আঘাতৰ পৰা আৰোগ্য হোৱাৰ পাছত প্ৰসিদ্ধ কেইদিনমান পূৰ্বে উভতি আহিছে খেলপথাৰলৈ ।