ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ মাজতে ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে ভাৰতীয় দল। আঘাতৰ বাবে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হ’ল অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া।
হাৰ্দিক পাণ্ডিয়াৰ ঠাইত প্ৰসিদ্ধ কৃষ্ণক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হ’ব।
উল্লেখ্য যে বাংলাদেশৰ বিৰুদ্ধে খেলা মেচখনত হাৰ্দিক পাণ্ডিয়া আঘাতপ্ৰাপ্ত হৈছিল। সেই আঘাতৰ বাবেই পাণ্ডিয়া এতিয়া বিশ্বকাপৰ পৰা বাহিৰ হ’বলগীয়া হ’ল।
চলিত বিশ্বকাপত শক্তিশালী ৰূপত দেখা গৈছে ভাৰতক। দলটোৱে এইপৰ্যন্ত ৭খন মেচৰ আটাইকেইখনতে জয়লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষত আছে।
পইণ্ট তালিকাৰ শীৰ্ষত থকা অন্যতম এটা কাৰণ আছিল হাৰ্দিক পাণ্ডিয়া। মিডল অৰ্ডাৰত বেটিঙেৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ উপৰি বলিঙেৰেও দলক উপকৃত কৰে।
হাৰ্দিক পাণ্ডিয়াৰ দৰে এগৰাকী মেচ উইনিং খেলুৱৈৰ অনুপস্থিতি ভাৰতীয় দলত বাৰুকৈয়ে প্ৰভাৱ পেলাব।
উল্লেখ্য যে হাৰ্দিক পাণ্ডিয়াৰ আঘাতৰ পিছত মহম্মদ ছামীয়ে মূল একাদশত সুযোগ পাইছিল। ৩ খন মেচত মহম্মদ ছামীয়ে ১৪ টা উইকেট দখল কৰি বিপক্ষৰ বেটছমেনৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে।