পাকিস্তানৰ বিৰুদ্ধে নিউজিলেণ্ডৰ বেটছমেন ৰচিন ৰবিন্দ্ৰই পুনৰ খেলে শতকীয় ইনিংছ। ৰচিনে ৯৪টা বলত ১০৮ ৰান সংগ্ৰহ কৰে। তেওঁৰ এই দৰ্শনীয় ইনিংছটোত আছিল ১৫টা চাৰি আৰু ১টা ছয়।
এই বিশ্বকাপত ৰচিন ৰবিন্দ্ৰৰ এইটো তৃতীয়টো শতক। ২৩ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে আজি শতক অৰ্জন কৰাৰ লগে লগে তেওঁৰ নামত সংযোজন হয় এক বিশেষ অভিলেখ।
২৩ বছৰ বয়সত বিশ্বকাপত ৩টা শতক অৰ্জন কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হ’ল ৰচিন ৰবিন্দ্ৰ। ইয়াৰ পূৰ্বে ভাৰতৰ প্ৰাক্তন কিংবদন্তি শচীন তেণ্ডুলকাৰৰ নামত আছিল এই অভিলেখ।
শচীনে ২৩ বছৰ বয়সত বিশ্বকাপত ২টা শতক অৰ্জন কৰিছিল।
ইফালে ৰচিন ৰবিন্দ্ৰই নিজৰ নামত আন এক ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। আচলতে নিউজিলেণ্ডৰ হৈ বিশ্বকাপত সৰ্বাধিক শতক অৰ্জন কৰা বেটছমেন হৈ পৰিছে ৰচিন ৰবিন্দ্ৰ।
ইয়াৰ পূৰ্বে আন কোনো নিউজিলেণ্ড বেটছমেনে বিশ্বকাপত তিনিটা শতক অৰ্জন কৰিব পৰা নাছিল।
উল্লেখ্য যে, চলিত বিশ্বকাপত ৰচিন ৰবিন্দ্ৰই বেটিঙেৰে বিপক্ষৰ বলাৰক শলঠেকত পেলোৱা পৰিলক্ষিত হৈছে। সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ তালিকাত দ্বিতীয় স্থানত আছে ৰচিন ৰবিন্দ্ৰ।
এতিয়ালৈকে ৰচিন ৰবিন্দ্ৰই ৮খন মেচত ৭৪.৭১ গড়ে ৫২৩ ৰান সংগ্ৰহ কৰিছে। ইংলেণ্ডৰ বিৰুদ্ধে অপৰাজিত ১২৩ ৰান, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১১৬ ৰান কৰাৰ পিছত আজি পাকিস্তানৰ বিৰুদ্ধে ৯৪টা বলত ১০৮ ৰানৰ দৰ্শনীয় ইনিংছ খেলে।