শুকুৰবাৰে গভীৰ নিশা ভূমিকম্পত কঁপি উঠিল ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ নেপাল। এই ভূমিকম্পত অতি কমেও ১২৮জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে।
নেপালৰ ভূমিকম্পৰ প্ৰভাৱ ইমানেই বেছি আছিল যে দিল্লীৰ মাটিও কঁপিছিল। কেইবা মুহূৰ্তলৈ জোকাৰণি অনুভৱ কৰা হ’ল। লগতে ভূমিকম্পৰ বাবে এন চি আৰ, অযোধ্যাকে ধৰি উত্তৰ ভাৰতৰ বৃহৎ অঞ্চলত কম্পন অনুভৱ কৰা হৈছিল। লক্ষ্ণৌ আৰু বিহাৰৰ বহ স্থানতো কঁপনি অনুভূত হয়।
ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি শুকুৰবাৰে নিশা প্ৰায় ১১.৩০ বজাত দিল্লী-এনচিআৰকে ধৰি বহু ঠাই জোকাৰি যায়। ভূমিকম্পৰ উৎস আছিল নেপাল।
ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৪। ভূমিকম্পৰ ফলত নেপাল আৰু ভাৰতৰ বহু লোকে ভয়তে ঘৰ এৰি ৰাজপথলৈ ওলাই আহিছিল।
নেপালী সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ভূমিকম্পৰ কিছু মুহূৰ্তৰ ভিতৰতে কেইবাটাও ঘৰ তাচপাত দৰে খহি পৰে। ইটা-কাঠ-চিমেণ্টৰ ধ্বংসাৱশেষৰ তলত বহু লোকৰ মৃত্যু হৈছে। ইয়াৰে পশ্চিম ৰুকুম আৰু জাজাৰকোটত এতিয়ালৈকে সৰ্বাধিক লোকৰ মৃত্যু হৈছে।
মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ক্ষতিগ্ৰস্ত অঞ্চলত সাহায্য আৰু উদ্ধাৰৰ কাম চলি আছে। আৰু ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ হোৱা আহত লোকসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
ইফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নেপালত হোৱা ভূমিকম্পক লৈ শোক প্ৰকাশ কৰে। নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি তেওঁ লিখিছে, “নেপালত হোৱা ভূমিকম্পৰ ফলত প্ৰাণ হেৰুওৱা আৰু ক্ষতিগ্ৰস্ত হোৱাত গভীৰভাৱে দুখী। নেপালৰ জনসাধাৰণৰ কাষত ভাৰত আছে আৰু নেপালক সম্ভৱপৰ সকলো সাহায্য আগবঢ়াবলৈ সাজু। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ।”